সাৱধান হওকঃ কেৰালাত প্ৰথমজন ক’ৰ’না ভাইৰাছ আক্ৰান্তৰ মৃত্যু

সাৱধান হওকঃ কেৰালাত প্ৰথমজন ক’ৰ’না ভাইৰাছ আক্ৰান্তৰ মৃত্যু

সাৱধান হওকঃ কেৰালাত প্ৰথমজন ক’ৰ’না ভাইৰাছ আক্ৰান্তৰ মৃত্যু

প্ৰায় সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না মহামাৰীত কেৰালাতো এজন লোকে প্ৰাণ হেৰুৱালে ৷ ৰাজ্যখনৰ কোচিৰ এই লোকজনে অলপতে ডুবাই ভ্ৰমণ কৰিছিল ৷ ঘৰলৈ ঘূৰি অহাৰ পাছত অসুস্থ হৈ পৰা লোকজনক যোৱা ২২মাৰ্চত কালামাছাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয় ৷ তাত চিকিৎসাধীন হৈ থকা অৱস্থাত তেওঁৰ মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৯ বছৰ ৷ এই লোকজনেই হৈছে ক’ৰ’না মহামাৰীত মৃত্যু হোৱা কেৰালাৰ প্ৰথমজন লোক ৷ কেৰালাত এই মহাৰীত বহুসংখ্যক লোক আক্ৰান্ত হৈছে ৷ ইয়াৰে একাংশ সুস্থ হৈছে ৷ ৰাজ্যখনৰ প্ৰথমগৰাকী ক’ৰ’না আক্ৰান্ত হৈছে এগৰাকী যুৱতী ৷ ২৪বছৰীয়া এই যুৱতীগৰাকীৰ অৱস্থা সম্প্ৰতি সুস্থ ৷ তেওঁ চীনৰ য়ুহানত শিক্ষাগ্ৰহণ কৰি আছিল ৷ আনহাতে, দেশা উদ্বেগজনকভাবে বৃদ্ধি পাইছে ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা ৷ যোৱা মাথোঁ ২৪ঘণ্টাতে দেশৰ বিভিন্ন স্থানত নতুনকৈ ধৰা পৰিল ১৪৯জন আক্ৰান্ত ৷ ইয়াৰ লগে লগে এই মহামাৰীত আক্ৰান্তৰ সংখ্যা আঠ শতাধিক হৈছে ৷ আনহাতে, মাথোঁ ২৪ঘণ্টাত দেশত ১৪৯জন আক্ৰান্ত ধৰা পৰিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত ক’ৰ’না ভাইৰাছ আক্ৰান্ত লোকৰ সংখ্যা সম্প্ৰতি ৮৭৩জন ৷ ইয়াৰে ১৯জনৰ ইতিমধ্যে মৃত্যু হৈছে ৷ ইপিনে, বিশ্ব স্বাস্থ্য সংস্থা (হু)ই সম্প্ৰতি এক উদ্বেগজনক বাৰ্তা প্ৰেৰণ কৰিছে ৷

সংস্থাটোৰ মতে, ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক ওলাবলৈ অন্ততঃ আৰু ১২ৰ পৰা ১৮মাহ সময়ৰ প্ৰয়োজন হ’ব ৷ সেয়েহে সংস্থাটোৱে ক’ৰ’না ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে সন্মিলিতভাবে যুঁজ দিবলৈ বিশ্বৰ সকলো দেশলৈ আহ্বান জনাইছে ৷ উল্লেখ্য যে এই বৰ্তমানলৈ সমগ্ৰ বিশ্বত লক্ষাধিক লোক আক্ৰান্ত হোৱাৰ উপৰি ১৫হেজাৰৰো অধিক প্ৰাণ হেৰুৱাইছে ৷

আনহাতে, ক’ৰ’না ভাইৰাছ সৃষ্ট মহামাৰীয়ে সমগ্ৰ বিশ্বক গভীৰ আৰ্থিক সংকটলৈ ঠেলি দিয়া বুলি আন্তৰ্জাতিক মুদ্ৰা নিধি(আই এম এফ)য়ে প্ৰকাশ কৰিছে ৷ এক বিবৃতিত আই এম এফৰ মুৰব্বী ক্ৰিষ্টিলানা জৰ্জিয়েভাই কয়, “ এই কথা স্পষ্ট হৈ পৰিছে যে আমি আৰ্থিক মন্দাত সোমাই পৰিছোঁ ৷ এই মন্দা ২০০৯ৰ মন্দাতকৈ অধিক গভীৰ ৷” উল্লেখ্য যে যোৱা মঙলবাৰে ক’ৰ’না মহামাৰীৰ প্ৰতিৰোধৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক ২১ দিনীয়া দেশজোৰা তলাবন্ধ ঘোষণা কৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com