Begin typing your search above and press return to search.

ক’ৰ’না ৰোগীৰ চিকিৎসাঃ ৩৪ খন ব্যক্তিগত চিকিৎসালয়ৰে অসম চৰকাৰৰ চুক্তি

ক’ৰ’না ৰোগীৰ চিকিৎসাঃ ৩৪ খন ব্যক্তিগত চিকিৎসালয়ৰে অসম চৰকাৰৰ চুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 March 2020 9:18 AM GMT

ক’ৰ’না ৰোগীৰ চিকিৎসাঃ ৩৪ খন ব্যক্তিগত চিকিৎসালয়ৰে অসম চৰকাৰৰ চুক্তি

ক’ৰ’না মহামাৰীত আক্ৰান্তক চিকিৎসাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে অসমৰ ৩৪খন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ সৈতে বুজাবুজিৰ চুক্তি (MoU)স্বাক্ষৰ কৰিছে ৷ শুকুৰবাৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে ৷ মন্ত্ৰীজনে কয় যে এই বুজাবুজি চুক্তি দুমাহৰ বাবে স্বাক্ষৰ কৰা হৈছে ৷ চৰকাৰে এই চুক্তি স্বাক্ষৰ কৰা দুখন হাস্পতাল হ’ল গুৱাহাটীৰ নেমকেয়াৰ হাস্পতাল আৰু মাৰোৱাৰী হাস্পতাল ৷ কেৱল ক’ৰ’না ৰোগীৰ বাবে ৰাজ্যৰ তিনিখন মেডিকেল কলেজ সাজু

কেৱল সম্ভাৱ্য ক’ৰ’না ভাইৰাছ আক্ৰান্তৰ চিকিৎসাহে কৰা হ’ব ৰাজ্যৰ চাৰিখন চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ এই কথা ঘোষণা কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ শুকুৰবাৰে মন্ত্ৰীজনে সাংবাদিকক কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল (ডিব্ৰুগড়) আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত কেৱল ক’ৰ’না মহামৰীত আক্ৰান্তকহে চিকিৎসা কৰা হ’ব ৷ অৱশ্যে কৰ্কট ৰোগী, প্ৰসূতি আৰু জৰুৰীকালীন ৰোগীক পূৰ্বৰ দৰেই এই চিকিৎসা মহাবিদ্যালয় হাস্পাতালকেইখনত চিকিৎসা প্ৰদান কৰা হ’ব বুলিমন্ৰীজনে সদৰী কৰে ৷ ইয়াৰ বাদে আন ৰোগীক এই তিনিখন চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা প্ৰদান কৰা নহ’ব ৷ কেৱল ক’ৰ’না ৰোগীকহে চিকিৎসা প্ৰদান কৰা হ’ব ৷ আনহাতে, ইয়াৰ পূৰ্বে মন্ত্ৰী শৰ্মাই ঘোষণা কৰে যে ক’ৰ’না ভাইৰাছবিৰোধী মহাযুদ্ধখন সফল কৰি তোলাৰ উদ্দেশ্য ৰাজ্য চৰকাৰে এম বি বি এছৰ চূড়ান্ত বৰ্ষত অধ্যয়নৰত সাতশ ছাত্ৰ-ছাত্ৰী আৰু নাৰ্ছিংপাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষত অধ্যয়নৰত দুহেজাৰ ছাত্ৰীক প্ৰশিক্ষণ প্ৰদানৰ আঁচনি লৈছে। ইয়াৰ জড়িয়তে সম্ভাৱ্য ক’ৰ’না মহামাৰীত আক্ৰান্তক চিকিত্সাৰ সময়ত যাতে চিকিত্সক-নাৰ্ছৰ অভাৱ নঘটে তাৰ ব্যৱস্থা কৰিব বিচৰা হৈছে। স্বাস্থ্য মন্ত্ৰী শৰ্মাই লগতে কয় যে যদিও অসমত বৰ্তমানলৈকে কোনো ক’ৰ’না ভাইৰাছ আক্ৰান্ত ধৰা পৰা নাই; কিন্তু সম্ভাৱ্য পৰিস্থিতি মোকাবিলা কৰাৰ উদ্দেশ্য চৰকাৰে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰী শৰ্মাই ঘোষণা কৰে যে ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি অনুসৰি অসম চৰকাৰে নগৰ-চহৰসমূহত ১০০০ খন বিচনাযুক্ত কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ এটা কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপন কৰা হ'ব গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আৰু আনটো নেহৰু ষ্টেডিয়ামত। বুধবাৰে মহানগৰীস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে চলি থকা প্ৰস্তুতিৰ চোৱা-চিতা কৰি স্বাস্থ্য মন্ত্ৰী শৰ্মাই এই কথা ঘোষণা কৰে।

লগতে তেওঁ কয় "আমি সম্প্ৰতি দুটা পৰ্যায়ত ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে কাম কৰি আছো। প্ৰথমটো হ'ল সামাজিক দূৰত্ব বজাই ৰখা । এই ভাইৰাছৰ বিৰুদ্ধে জনতাক সজাগ কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে"৷ দ্বিতীয়টো পৰ্যায়ত চিকিৎসা ব্যৱস্থাৰ বুনিয়াদী বিকাশত গুৰুত্ব আৰোপ কৰা হৈছে। এই উদ্দেশ্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ক’ৰ’না ভাইৰাছ আক্ৰান্ত ৰোগীৰ বাবে অতিৰিক্ত ৩০ টা জৰুৰীকালীন কক্ষ (আই চি ইউ)ৰ ব্যৱস্থা কৰা হৈছে। আনহাতে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ক’ৰ’না ৰোগীৰ চিকিৎসাৰ বাবে ১৫০ বিছনাৰ ব্যৱস্থা কৰা হৈছে।

অন্য খবৰৰ বাবে পঢ়ক : ক’ৰ’না মহামাৰীঃ ধুমপানে আনিব পাৰে ভয়ংকৰ বিপদ

ভিডিঅ প্ৰতক্ষ্য কৰক: Hagrama Mohilary organizes a press-meet on Coronavirus situation and distribution of Rations

Next Story
চাকৰি