ক'ৰ'নাত মৃত্যু জনপ্ৰিয় সংগীত শিল্পী ৱাজিদ খানৰ

ক'ৰ'নাত মৃত্যু জনপ্ৰিয় সংগীত শিল্পী ৱাজিদ খানৰ

অৱশেষত ভেণ্টিলেটৰ সংযোগ কৰিবলগীয়া হয়। কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত বিয়োগ ঘটে।

ক'ৰ'নাত মৃত্যু জনপ্ৰিয় সংগীত শিল্পী ৱাজিদ খানৰ

ক্ৰমে ভাৰতত জটিল কৰিবলৈ লোৱা ক'ৰ'না মহামাৰীয়ে প্ৰাণ ল'লে বলিউডৰ জনপ্ৰিয় সংগীত শিল্পী ৱাজিদ খানৰ। বিখ্যাত যুটি ছাজিদ—ৱাজিদৰ অন্যতম শিল্পীগৰাকীৰ সোমবাৰে মুম্বাইৰ এখন হাস্পতালত মৃত্যু হয়। শেষ নিশ্বাস ত্যাগ কৰাৰ সময়ত তেওঁৰ বয়স হৈছিল মাথোঁ ৪২ বছৰ। শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বলিউদ শোকস্তব্ধ হৈ পৰে। শোকত ভাগি পৰিছে তেওঁৰ অগনন অনুৰাগী। ৱাজিদৰ মৃত্যুত শোকপ্ৰকাশ কৰি জনপ্ৰিয় বাদ্যযন্ত্ৰী ছেনিম মাৰ্চেণ্টে সাংবাদিকক জনায় যে ক'ৰ'নাত শিল্পীগৰাকীক কিছুদিন পূৰ্বে মুম্বাইৰ সুৰানা হাস্পতালত ভৰ্তি কৰা হয়। পাছত তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। অৱশেষত ভেণ্টিলেটৰ সংযোগ কৰিবলগীয়া হয়। কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত বিয়োগ ঘটে। শিল্পীগৰাকীৰ মৃত্যত খ্যাতনামা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাসহ বলিউডৰ শিল্পীসকলে গভীৰ শোকপ্ৰকাশ কৰিছে। এটা টুইটত মোহময়ী অভিনেত্ৰী প্ৰিয়ংকাই ৱাজিদৰ অকাল মৃত্যক গভীৰ পীড়াদায়ক বাৰ্তাৰূপে অভিহিত কৰিছে। একেদৰে প্ৰবাদপ্ৰতীম সংগীত শিল্পী শংকৰ মহাদেৱন, বিশাল দাদলানি আদিয়েও শোকপ্ৰকাশ কৰিছে। এটা টুইটত দাদলানীয়ে কয় যে এই বাতৰি বিশ্বাস কৰাই টান হৈছে।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com