গোৱালপাৰা জিলাত দুখন বাহনৰ সংঘৰ্ষত ০৫জন নিহত

এই দূৰ্ঘটনাত এখন হোণ্ডাই ইয়নে মুখামুখিকৈ খুন্দা মাৰে বিপৰীত দিশৰ পৰা আহি থকা এখন মাৰুটি চুজুকি শ্বিফট দিজায়াৰৰ সৈতে
গোৱালপাৰা জিলাত দুখন বাহনৰ সংঘৰ্ষত ০৫জন নিহত

যোৱা বৃহস্পতিবাৰ, ২ডিচেম্বৰ ২০২১ তাৰিখে, অসমৰ গোৱালপাৰা জিলাৰ গধাবদি অঞ্চলত সংঘটিত হৈছে এক চাঞ্চ্যলকৰ দুৰ্ঘটনা। যোৱা কালি সংঘটিত হোৱা এই ভয়ংকৰ দূৰ্ঘটনাত দুখন বাহনৰ সংঘৰ্ষ হয় মুখামুখিকৈ, ফলত থিতাতে মৃত্যু মুখত পৰিছে কেইবাগৰাকী লোক।

জানিবলৈ পোৱা মতে গোৱালপাৰা জিলাত সংঘটিত হোৱা এই ভয়ংকৰ দূৰ্ঘটনাত থিতাতে নিহত হৈছে প্ৰায় ০৫ গৰাকীকৈ লোক। এই দূৰ্ঘটনাত এ এছ ০১ ডি ইউ ১৪২৬ সংখ্যাৰ এখন হোণ্ডাই ইয়নে মুখামুখিকৈ খুন্দা মাৰে বিপৰীত দিশৰ পৰা আহি থকা এখন মাৰুটি চুজুকি শ্বিফট দিজায়াৰৰ সৈতে।

এই ভয়ংকৰ ঘটনা সংঘটিত হয় যোৱা বৃহস্পতিবাৰে নিশাৰ ভাগত।

স্থানীয় লোকৰ তৎপৰতাত দুৰ্ঘটনা সংঘটিত হোৱা স্থানত ততাতয়াকৈ আহি উপস্থিত হয় চিকিৎসা বিভাগৰ এম্বুলেন্স আৰু দুৰ্ঘটনা সংঘটিত হোৱা প্ৰায় ১ঘণ্টা সময়ৰ পাছত ঠাইখিনিত আহি উপস্থিত হয় আৰক্ষী বিভাগৰ লোকসকল। তথ্য অনুসৰি এই ঘটনাৰ পাছতেই ঠাই খিনিত সৃষ্টি হয় এক চিন্তাগ্ৰস্থ পৰিবেশৰ, কিয়নো এই দূৰ্ঘটনাত প্ৰাণ হেৰুৱাই ০৫ জন লোকে।

এই দুৰ্ঘটনা অনুসৰি বৰ্তমান সময় লৈকে কোনো ধৰণৰ তথ্য আহি পোৱা নাই। আৰক্ষীৰ দল বৰ্তমান ব্যস্ত এই দুৰ্ঘটনাৰ অনুসন্ধান অভিযানত। এই দূৰ্ঘটনাত প্ৰাণ হেৰুৱা লোক সকলোৰে চিনাক্তকৰণ প্ৰক্ৰিয়া বৰ্তমান সময় লৈকে শেষ হোৱা নাই।

কিছু দিন পূৰ্বে অন্য এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছিল গোৱালপাৰা জিলাত। উক্ত দূৰ্ঘটনাত নিহত হৈছিল ২ গৰাকী ব্যক্তি আৰু আহত হৈছিল অন্য ৩০ গৰাকী। যাত্ৰীবাহী এখন বাহন ৰাষ্ট্ৰীয় ঘাইপথ ১৭ৰ দাঁতি কাষৰীয়া এজোপা গছত খুন্দা মৰাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। পৰবৰ্তী সময়ত দুগৰাকী মৃত ব্যক্তিক চিনাক্ত কৰা হয় হাবিবুৰ ৰহমান আৰু মাতিবুৰ ৰহমান নামেৰে।

এনে ধৰণৰ অন্য এক পথ দুৰ্ঘটনাত নিহত হৈছিল আন এগৰাকী মহিলা, নাম ৰুণু দাস। এই দুৰ্ঘটনা সংঘটিত হয় যোৱা ৩০নৱেম্বৰ, ২০২১ তাৰিখে গুৱাহাটীৰ, সৰুসজাই অঞ্চলত। এই দূৰ্ঘটনাত এখন মালবাহী ট্ৰাকৰ সংঘৰ্ষ হয় এখন দুচকীয়া বাহনৰ সৈতে। যাৰ ফলত আহত হয় এগৰাকী ব্যক্তি, আৰু নিহত হয় মটঘৰিয়াৰ এগৰাকী মহিলা।

শেহতীয়া ভাৱে এনে ধৰণৰ ভয়ংকৰ পথ দুৰ্ঘটনা অতিমাত্ৰাত সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে অসমত, ইয়াৰ পৰিত্ৰাণ স্বৰূপে অসম চৰকাৰে পথ ব্যৱস্থাপনাৰ বাবে কঠোৰ নিয়ম বান্ধি দিয়াৰ লগতে, এনে ঠাইত ট্ৰেফিক বিষয়া নিযুক্তি দিয়া উচিত।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com