বি টি এ ডিৰ ভোটকেন্দ্ৰসমূহৰ বাবে ৰাজ্য চৰকাৰৰ ১৮কোটি টকা

বি টি এ ডিৰ ভোটকেন্দ্ৰসমূহৰ বাবে ৰাজ্য চৰকাৰৰ ১৮কোটি টকা

উল্লেখ্য যে যোৱা চাৰি এপ্ৰিলত ৪০আসনযুক্ত বি টি চিৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল।
Published on

বি টি এডিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ বাবে ৰাজ্য চৰকাৰে ১৮কোটি মোকলাই দিছে ৷ এই সংক্ৰান্তীয় অনুমোদন ইতিমধ্যে মুকলি হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি এই ধন ভোটকেন্দ্ৰসমূহ ক'ৰ'না ভাইৰাছ প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলাৰ কামত ব্যয় কৰা হ'ব ৷ উল্লেখ্য যে যোৱা চাৰি এপ্ৰিলত ৪০আসনযুক্ত বি টি চিৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই নিৰ্বাচন স্থগিত ৰখা হয় ৷

যোৱা ২০মাৰ্চত ৰাজ্যিক নিৰ্বাচন আয়োগে বি টি চি নিৰ্বাচন স্থগিত ৰখাৰ কথা ঘোষণা কৰে ৷ বি টি এ ডি যোৱা ২০এপ্ৰিলৰ পৰা ৰাজ্যপালৰ শাসনত আছে ৷ আনহাতে, অন্যান্য পিছপৰা শ্ৰেণী আৰু ভৈয়াম জনজাতি কল্যাণ বিভাগৰ সূত্ৰই জনোৱা মতে, যদি ক'ৱিড মহামাৰীজনিত পৰিস্থিতি স্বাভাৱিক হয়, তেন্তে অহা অক্টোবৰ বা নৱেম্বৰত বি টি চি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ অৱশ্যে এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ৰাজ্যিক নিৰ্বাচন আয়োগেহে গ্ৰহণ কৰিব ৷

ইপিনে, এক সূত্ৰই জনোৱা মতে, এইবাৰ বি টি এ ডিত ভোটগ্ৰহণ কেন্দ্ৰ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com