অসমীয়া ভাষাত উপলব্ধ হব উচ্চতম ন্যায়ালয়ৰ শুনানি

অসমীয়া ভাষাত উপলব্ধ হব উচ্চতম ন্যায়ালয়ৰ  শুনানি
Published on: 

উচ্চতম ন্যায়ালয়ৰ শুনানি আঞ্চলিক ভাষাত প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । জুলাই মাহৰ শেষৰ ফালে অফিচিয়েল ৱেবচাইটত উপলব্ধ হয় আঞ্চলিক ভাষাত শুনানি সমূহ। ইংৰাজী ভাষা নজনা ব্যক্তি সকলৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ পৃষ্ঠপোষকতাত আৰম্ভ হৈছে এই নতুন প্ৰকল্প।

এতিয়াৰ পৰা অসমীয়া ভাষাত উপলব্ধ হ’ব উচ্চতম ন্যায়ালয়ৰ ৰায়সমূহ। কেৱল অসমীয়াই নহয়, গোটেইকেইটা আধুনিক ভাৰতীয় ভাষাত উপলব্ধ হ’ব সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়|উচ্চতম ন্যায়ালয়ৰ শুনানি সমূহ ৬ টা ভাষাত উপলব্ধ হব ।

উচ্চতম ন্যায়ালয়ৰ ৰায় সমূহ ইংৰাজী ভাষাত অফিচিয়েল ৱেবচাইট সমূহত উপলব্ধ হয় । এতিয়াৰে পৰা আঞ্চলিক ভাষাতো উচ্চতম ন্যায়ালয়ৰ ৰায় সমূহ উপলব্ধ হব ।

উচ্চতম ন্যায়ালয়ৰ শুনানি সমূহ ৬ টা ভাষাত উপলব্ধ হব । আঞ্চলিক ভাষা কেইটা হৈছে - অসমীয়া, হিন্দী , কানাডা, উৰিয়া আৰু তেলেগু ভাষাত ।বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয়ে কৰা অনুৰোধৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ৰ ৰায় সমূহ আঞ্চলিক ভাষাত প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই মাহৰ শেষৰ ফালে এই ৬ টা আঞ্চলিক ভাষাত ৰায় সমূহ প্ৰকাশ কৰা হব ।

এই আঞ্চলিক ভাষাত উচ্চ ন্যায়ালয়ে দিয়া শুনানি বিশেষকৈ দুৰ্নীতিৰ বিষয় , নাগৰিক বিৰোধী , ভুমি সম্পৰ্কীয় , বিবাহ সম্পৰ্কীয় বিষয় সমুহ অনুবাদত গুৰুত্ব দিয়া হব বুলি প্ৰকাশ কৰিছে ।দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ পৃষ্ঠপোষকতাত আৰম্ভ হৈছে এই নতুন প্ৰকল্প।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com