Begin typing your search above and press return to search.

জম্মু-কাশ্মীৰৰ তিনিগৰাকী ফটো সাংবাদিকলৈ পুলিৎজাৰ বঁটা

বিশ্ব সাংবাদিকতা ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মানস্বৰূপ এই বঁটা লাভ কৰা সাংবাদিক তিনিগৰাকী গোলকীয় সংবাদ সংস্থা এ পিত কৰ্মৰত।

জম্মু-কাশ্মীৰৰ তিনিগৰাকী ফটো সাংবাদিকলৈ পুলিৎজাৰ বঁটা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-05-05T13:11:46+05:30

জম্মু-কাশ্মীৰৰ বিশেষ ক্ষমতা কৰ্তনৰ পাছত ৰাজ্যখনৰ (বৰ্তমানে কেন্দ্ৰীয়শাসিত অঞ্চল)বাতৰি তথা ফটো পৰিৱেশন কৰি অহা তিনিগৰাকী সাংবাদিকে এইবাৰৰ অতি সন্মানীয় পুলিৎজাৰ বঁটা লাভ কৰিছে। বিশ্ব সাংবাদিকতা ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মানস্বৰূপ এই বঁটা লাভ কৰা সাংবাদিক তিনিগৰাকী গোলকীয় সংবাদ সংস্থা এছ'চিয়েটেড প্ৰেছ( এ পি)ত কৰ্মৰত। অনেক প্ৰত্যাহ্বানৰ মাজতো নিজৰ জীৱনলৈ ভ্ৰুক্ষেপ নকৰি সেৱা আগবঢ়াই থকা এই যশস্বী সাংবাদিক তিনিগৰাকী হৈছে এ পিৰ ফটো সাংবাদিক ডাৰ য়াছিন, মুখতাৰ খান আৰু চান্নি আনন্দ। এই বাতৰি পোৱাৰ পাছতে তিনিওগৰাকী আশ্বৰ্যবিভূত হৈছে। উল্লেখ্য যে ক'ৰ'না মহামাৰীৰ প্ৰাৰ্দুভাবৰ পৰিপ্ৰেক্ষিতত এইবাৰ পুলিৎজাৰ বঁটাপ্ৰাপকৰ নাম ঘোষণাত দুসপ্তাহ পলম হয়। আনহাতে, এই বঁটা লাভ কৰা দাৰ ইয়াছিন আৰু মুখতাৰ শ্ৰীনগৰৰ বাসিন্দা। ছান্নি হৈছে জম্মুৰ। বঁটা লাভ কৰাৰ খবৰ লাভ কৰি ভাষা হেৰুৱাই পেলাইছিল ছান্নি আনন্দ। এক সাক্ষাৎকাৰত তেওঁ কয়, 'খবৰটো শুনি বিশ্বাস কৰিবকে পৰা নাছিলো।' ইপিনে, এই সংবাদ লাভ কৰাৰ লগে লগে এছ'চিয়েটেড প্ৰেছৰ মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ') গেৰি প্ৰুইটে কয়, 'এওঁলোক ৩জনৰ সাহস আৰু কষ্টক প্ৰশংসা কৰিলেও কম কৰা হ'ব।' মৃত্যুৰ সৈতে লুকাভাকু খেলি লেন্সত বন্দী কৰা ফটোবোৰ দিল্লীৰ কাৰ্যালয়লৈ তেওঁলোকে প্ৰেৰণ কৰিছিল বিমানৰ যাত্ৰীসকলৰ জৰিয়তে। কাৰ হাতত ফটোবোৰ দিছে সেয়া কাৰ্যালয়লৈ ফোন কৰি জনাবলৈ বিশেষ মৰ্যাদা প্ৰত্যাহাৰৰ পিছত কাশ্মীৰত ফোন সেৱাও ব্যাহত হৈ আছিল। সেয়ে বিমানত অহা চৰকাৰী বিষয়া পৰ্যায়ৰ লোকসকলকে অনুৰোধ কৰিছিল ফটোৰ ফাইল দিল্লীৰ কাৰ্যালয়ত দিবলৈ।

ইপিনে, পুলিৎজাৰ বঁটা প্ৰদান কৰা ব'ৰ্ডৰ ৱেবছাইটতত উল্লেখ থকা অনুসৰি সন্ত্ৰাসজৰ্জৰ অঞ্চলৰ লোকসকলৰ দুৰ্বিসহ জীৱন-যাপনৰ কেমেৰাৰ লেন্সত বন্দী কৰি সেয়া বিশ্ববাসীক জনোৱা বাবে ফটোগ্ৰাফী শিতানৰ বাবে নিৰ্বাচিত কৰা হৈছে এই তিনিগৰাকী সাংবাদিকক। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সেনা-আৰক্ষীৰ টহল, বিক্ষোভ, প্ৰতিবাদ, সন্ত্ৰাসবাদীৰ আক্ৰমণৰ মাজতে এনেদৰে ছবি সংগ্ৰহ কৰাতো যথেষ্ট কষ্টকৰ আৰু সেই কষ্টক সাংবাদিককেইজনে জয় কৰা বুলিও ৱেবছাইটোত কোৱা হৈছে।

আৰু পঢ়িব পাৰেঃ আৰ্থিক সংকটৰ মোকাবিলাঃ এইবাৰ নবেল বিজয়ী অৰ্থনীতিবিদ অভিজিত বেনাৰ্জীৰে ৰাহুল গান্ধীৰ মত-বিনিময়

Next Story