কাইলৈ সন্ধিয়া ৬ বজাৰ পৰা গুৱাহাটীৰ বহু স্থানত সম্পূৰ্ণ লক-ডাউন

এই লক-ডাউন ১৪ দিনৰ বাবে বাহাল থাকিব।
কাইলৈ সন্ধিয়া ৬ বজাৰ পৰা গুৱাহাটীৰ বহু স্থানত সম্পূৰ্ণ লক-ডাউন

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কাইলৈ মঙলবাৰে সন্ধিয়া ৬ বজাৰ পৰা গুৱাহাটীৰ বহু অঞ্চলত প্ৰশাসনে সম্পূৰ্ণ লক-ডাউন ঘোষণা কৰিছে। এই লক-ডাউন ১৪ দিনৰ বাবে বাহাল থাকিব। ইয়াৰ কিছু সময় পূৰ্বে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে কামৰূপ মহানগৰত ভ্ৰমণ ইতিহাস নথকা বহুসংখ্যক লোক ক'ৰ'না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। তদুপৰি কামৰূপৰ মহানগৰ অঞ্চলত ক'ৰ'না ভাইৰাছ আক্ৰান্তৰ সংখ্যা তীব্ৰ হাৰত বৃদ্ধি পাইছে। প্ৰাপ্ত তথ্য অনুসৰি জালুকবাৰী, মালিগাঁও, পাণ্ডু, মাচখোৱা, ফাঁচীবজাৰ, ধীৰেনপাৰাৰ আৰু ফটাশিল আমবাৰীৰ কেতবোৰ অঞ্চলত কাইলৈ সন্ধিয়া ছয় বজাৰ পৰা সম্পূৰ্ণ লক-ডাউন আৰোপ কৰা হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com