Begin typing your search above and press return to search.

সাৱধানঃ ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব পাঁচশ টকা!

ৰাজ্যত এক নতুন আইন ৰূপায়ন কৰা হব।

সাৱধানঃ ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব পাঁচশ টকা!

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 May 2020 9:06 AM GMT

সাৱধান! ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে ভৰিব লগা হ'ব পাৰে পাঁচশ টকাৰ জৰিমনা ৷ ইয়াৰ লগতে অন্যান্য শাস্তিৰো সন্মুখীন হ'ব লাগিব ৷ আজি এনে এক সকীয়নী জাৰি কৰে স্বাস্থ্য মন্ত্ৰী(ৰাজ্যিক) পীয়ুষ হাজৰিকাই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বুধবাৰে আয়োজিত এক ৰক্তদান শিবিৰত মন্ত্ৰীজনে অংশগ্ৰহণ কৰে। অনুষ্ঠানত তেওঁ কয় যে তলাবন্ধৰ নীতি-নিয়ম শিথিল কৰা হলেও ৰাজ্যত ক'ৱিড-১৯ৰ আশংকা দূৰ হোৱা নাই। গতিকে সকলোৱে ক'ৱিড-১৯ প্ৰতিৰোধৰ নীতি-নিয়ম মানি চলিব লাগিব। ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰি তেওঁ লগতে কয়, " ৰাজ্যত এক নতুন আইন ৰূপায়ন কৰা হব। ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকক ৫০০ টকাৰ জৰিমণা বিহা হব।"

উল্লেখ্য যে অসমত কালিৰ দিনটোত দুজন ক'ৱিড-১৯ আক্ৰান্ত ধৰা পৰে। ফলত ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪৪জন হৈছে। যোৱা নিশা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰি কয় যে আক্ৰানত ব্যক্তি দুজন গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ। কালি সন্ধিয়া তেওঁলোকৰ শৰীৰত ক'ৱিড-১৯ৰ উপস্থিতি নিশ্চিত কৰা হয়। ইয়াৰ লগে লগে ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪৪ জনলৈ বৃদ্ধি পাইছে। এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী শৰ্মাই টুইটাৰত কয়,' গোৱালপাৰাত আৰু এজন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছ ধৰা পৰিছে। যিহেতু লোকজন কন্টেনমেন্ট জ'নত পোৱা গৈছে, সেয়ে শংকিত হোৱাৰ প্ৰয়োজন নাই।' ইয়াৰ কিছু সময়ৰ পাছতে তেওঁ কোকৰাঝাৰৰ আক্ৰান্তজনৰ কথা সদৰী কৰে।

আৰু পঢ়িব পাৰেঃ অসমৰ সপ্তমঃ এ এম চিক ক'ৱিড-১৯ৰ পৰীক্ষাগাৰৰূপে স্বীকৃতি

Next Story