হাইলাকান্দিত গুণোৎসৱৰ আয়োজন

হাইলাকান্দিত গুণোৎসৱৰ আয়োজন
Published on: 

অক্টোবৰৰ ৩১তাৰিখৰ পৰা হাইলাকান্দিত দ্বিতীয় বাৰলৈ আয়োজন কৰা হৈছে গুণোৎসৱ অনুষ্ঠান । হাইলাকান্দি জিলাৰ বিদ্যালয় পৰিদৰ্শক ৰাজীৱ কুমাৰ ঝায়ে মত প্ৰকাশ কৰি কয় যে,অসম চৰকাৰৰ গুণোৎসৱৰ ২য় পৰ্যায়ৰ কাৰ্যসূচী অহা বুধ বাৰৰ পৰা অনুষ্ঠিত হ'ব ইয়াৰ লগতে তেওঁ এইটো প্ৰকাশ কৰে যে এই উৎসৱত ১,৩৫৯খন বিদ্যালয়ৰ দ্বিতীয় শ্ৰেনীৰ পৰা নৱম শ্ৰেনীৰ ৮৪,৫৮৮ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহন কৰিব ।

সকলোবোৰ মিলি ৫১০গৰাকী বাহ্যিক মুল্যায়ন কৰ্তা,১২০গৰাকী কৰিমগঞ্জ জিলা,২২৬গৰাকী কাছাৰ আৰু ১৬৪গৰাকী হাইলাকান্দি জিলাৰ তাৰোপৰি আৰু ১২৪গৰাকী লিয়াচন বিষয়াৰ সৈতে ১,৩৫৯ গৰাকী নডাল শিক্ষক।আভ্যন্তৰীন মুল্যায়ন অক্টোবৰৰ ৩১তাৰিখে কৰা সেই ঠাইতে কৰা হ'ব আৰু বাহ্যিক মুল্যায়ন নৱেম্বৰৰ ১ তাৰিখৰ পৰা ৩ তাৰিখলে কৰা হ'ব ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com