Begin typing your search above and press return to search.

অধিক ক'ৱিড আক্ৰান্ত চিনাক্তঃ হাইলাকান্দিত আৰু তিনিটা কণ্টেইনমেণ্ট জ'ন ঘোষণা

গৃহ আছুতীয়াকৰণ বা হ’ম কোৱাৰেণ্টিনত থকা লোকৰ মাজত ক’ৱিড-১৯আক্ৰান্ত চিনাক্ত হৈছে।

অধিক কৱিড আক্ৰান্ত চিনাক্তঃ হাইলাকান্দিত আৰু তিনিটা কণ্টেইনমেণ্ট জন ঘোষণা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Jun 2020 10:49 AM GMT

হাইলাকান্দিত আৰু তিনিটা কণ্টেইনমেণ্ট জ'ন বা মণ্ডল ঘোষিত হ'ল ৷ গৃহ আছুতীয়াকৰণ বা হ'ম কোৱাৰেণ্টিনত থকা লোকৰ মাজত ক'ৱিড-১৯আক্ৰান্ত চিনাক্ত হোৱাত জিলা প্ৰশাসনে তিনিটা নতুন স্থানক কণ্টেইমেণ্ট জ'নৰূপে ঘোষণা কৰিছে। এই তিনিটা স্থানত ক'ৰ'না আক্ৰান্ত চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা উপায়ুক্ত তথা জিলা দণ্ডাধীশ মেঘ নিধি দাহালে কালি সন্ধিয়া কাটলিচেৰা ৰাজহচক্ৰৰ অধীনৰ এপ্পিন দ্বিতীয় খণ্ড, লালা ৰাজহ চক্ৰৰ অন্তৰ্গত জংলী টিলা আৰু কাটলিচেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত চাৰিবাগ(পশ্চিম)-ক কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰে ।ইয়াৰ লগে লগে এই স্থানসমূহত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধৰ ব্যৱস্থা কৰিবলৈ আৰক্ষী অধীক্ষক পবীন্দ্ৰ কুমাৰ নাথক নিৰ্দেশ দিয়ে ৷

আনহাতে, হ'ম কোৱাৰেণ্টিনত থকা অৱস্থাত জিলাখনত নতুনকৈ চিনাক্ত হোৱা ৫জন ক'ৱিড-১৯আক্ৰান্তৰ তিনিজনক কালি সন্ধিয়া শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ এই আক্ৰান্তসকলৰ মাজত কম বয়সীয়া শিশু আৰু মহিলাও আছে ৷

আৰু পঢ়িব পাৰেঃ বহিঃভ্ৰমণ নকৰাকৈয়ে ক'ৰ'নাত আক্ৰান্ত হ'ল গুৱাহাটীৰ দন্ত চিকিৎসক

Next Story
চাকৰি