গুৱাহাটীত  কেন্দ্ৰীয় বিদ্যালয় চিআৰপিএফৰ প্ৰাক্তন ছাত্ৰ সভা

গুৱাহাটীত কেন্দ্ৰীয় বিদ্যালয় চিআৰপিএফৰ প্ৰাক্তন ছাত্ৰ সভা

কেন্দ্ৰীয় বিদ্যালয় চিআৰপিএফ, গুৱাহাটীৰ প্ৰথমখন প্ৰাক্তন ছাত্ৰ সভা শনিবাৰে বিদ্যালয় চৌহদত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়।

গুৱাহাটীঃ কেন্দ্ৰীয় বিদ্যালয় চিআৰপিএফ, গুৱাহাটীৰ প্ৰথমখন প্ৰাক্তন ছাত্ৰ সভা শনিবাৰে বিদ্যালয় চৌহদত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। বর্তমানৰ শিক্ষক-শিক্ষয়িত্রীসকলৰ উপস্থিতিত প্রাক্তন ছাত্র-ছাত্রীসকলে পুৱা সমাবেশ অনুষ্ঠিত কৰাৰ পাছত অৱসৰপ্রাপ্ত শিক্ষকসকলক সম্বর্ধনা জনোৱাৰ লগতে বর্তমানৰ ছাত্র-ছাত্রী আৰু প্রাক্তন ছাত্র-ছাত্রীসকলৰ দ্বাৰা সাংস্কৃতিক কার্যসূচী অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত বিদ্যালয়খনৰ অধ্যক্ষ চি আৰ পি এফ (জি চি) আমৰিগোগৰ ,ডি আই জি ৰঞ্জন মিশ্ৰ, উপ আয়ুক্ত বৰুণ মিত্ৰ আৰু গুৱাহাটী অঞ্চলৰ কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ আঞ্চলিক কাৰ্যালয়ৰ সহকাৰী আয়ুক্ত ভেংকটেশ প্ৰসাদ বি উপস্থিত থাকে।এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি এই উপলক্ষে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ এটা মূল সমিতি গঠন কৰা হয়, য'ত সভাপতি হিচাপে ড০ হিমাংশু তালুকদাৰ, উপ সভাপতি হিচাপে নবীন ছুদ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে জ্ঞানজ্যোতি গোস্বামী, সহকাৰী সাধাৰণ সম্পাদক হিচাপে অনিল সিং, আয়োজক হিচাপে শংকৰ ৰাজ সিনহাক লৈ গঠিত সম্পাদক, আৰু কামদেৱ প্ৰসাদক কোষাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com