'আজাদী কা অমৃত মহোৎসৱ'ৰ ফটো প্ৰদৰ্শনীৰ সামৰণি

ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে 'আজাদী কা অমৃত মহোৎসৱ'ৰ ওপৰত পাঁচ দিনীয়া ফটো প্ৰদৰ্শনী
'আজাদী কা অমৃত মহোৎসৱ'ৰ ফটো প্ৰদৰ্শনীৰ সামৰণি
Published on

গুৱাহাটীঃ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত গুৱাহাটীৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি)ৰ উদ্যোগত ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ কৰা হয় লগতে তাৰ সমান্তৰালকৈ 'আজাদী কা অমৃত মহোৎসৱ' শীৰ্ষক পাঁচদিনীয়া ফটো প্ৰদৰ্শনীৰ কৰা হয় যাৰ অন্ত পৰে দেওবাৰে । চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত এই অনুষ্ঠানৰ সামৰণি পৰে যত উপস্থিত থাকে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বীৰসকলৰ ওপৰত কৰা এই প্ৰদৰ্শনীত গুৱাহাটীৰ চিবিচিয়ে গ্ৰহণ কৰা পদক্ষেপক সোণোৱালে শলাগ লয়। সোণোৱালে দৃঢ়তাৰে কয় যে ভাৰতে স্বাধীনতা শতবাৰ্ষিকী উদযাপনৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত এই প্ৰদৰ্শনী এক স্মৰণীয় পদক্ষেপ হ'ব। আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হ'বলৈ সকলোকে তেওঁ আহ্বান জনায়। সামৰণি অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি সোণোৱালে আগন্তুক পৰীক্ষ পে চৰচাৰ বিষয়ে আলোচনা কৰি কয় যে প্ৰধানমন্ত্ৰীৰ এই উদাৰ পদক্ষেপৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাৰ উদ্বেগ মোকাবিলা কৰাত সহায় কৰা আৰু ছাত্ৰ-ছাত্ৰীসকলক 'পৰীক্ষা যোদ্ধা' হবলৈ আহ্বান জনায় ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com