বি পি এফত যোগদান বড়ো সংগ্ৰামী নেত্ৰী অঞ্জলী দৈমাৰীৰ

আজি তেওঁ দলৰ মুৰব্বী মহিলাৰী, জ্যেষ্ঠ নেতা চন্দন ব্ৰহ্ম আদিৰ উপস্থিতিত বি পি এফত যোগদান কৰে।
বি পি এফত যোগদান বড়ো সংগ্ৰামী নেত্ৰী অঞ্জলী দৈমাৰীৰ

অৱশেষত বি পি এফত যোগদান কৰিলে বড়ো সংগ্ৰামী নেত্ৰী অঞ্জলী দৈমাৰীয়ে। বড়ো উইমেন জাষ্টিচ ফৰামৰ নেত্ৰী এন ডি এফ বিৰ মুৰব্বী ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলী দৈমাৰীয়ে আজি সোমবাৰে ওদালগুৰিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফত যোগদান কৰে। আগন্তুক বি টি চি প্ৰাকক্ষণত সংগ্ৰামী নেত্ৰীগৰাকীয়ে বি পি এফত যোগদান কৰাটোৱে তাত্পৰ্য বহন কৰিছে।

বি পি এফত যোগদান কৰাৰ কথা সদৰী কৰি দৈমাৰীয়ে দ্য ছেণ্টিনেল ডিজিটেলক কয় যে বি পি নেতৃত্বই কিছুদিন পূৰ্বে তেওঁক সাক্ষাত কৰি দললৈ আমন্ত্ৰণ জনায়। ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ বি পি এফত যোগদানৰ সিদ্ধান্ত লয় বুলি সদৰী কৰিছে। আজি তেওঁ দলৰ মুৰব্বী মহিলাৰী, জ্যেষ্ঠ নেতা চন্দন ব্ৰহ্ম আদিৰ উপস্থিতিত বি পি এফত যোগদান কৰে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com