অসম চৰকাৰৰ ছুটীৰ ক্ষেত্ৰত সালসলনি

অসম চৰকাৰে কিছু পৰিৱৰ্তন আনিছে। এইবাৰ কৰ্মচাৰীসকলক অভিভাৱকৰ সৈতে থাকিবলৈ বিশেষ ছুটী প্ৰদান কৰা হ’ব
অসম চৰকাৰৰ ছুটীৰ ক্ষেত্ৰত  সালসলনি

গুৱাহাটীঃ অসম চৰকাৰে কিছু পৰিৱৰ্তন আনিছে। এইবাৰ কৰ্মচাৰীসকলক অভিভাৱকৰ সৈতে থাকিবলৈ বিশেষ ছুটী প্ৰদান কৰা হ'ব।

আজি সাধাৰণ প্ৰশাসন বিভাগে এই পৰিৱৰ্তন সন্দৰ্ভত এক অধিসূচনা জাৰি কৰে। অধিসূচনা অনুসৰি আৰক্ষী, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, দুৰ্যোগ ব্যৱস্থাপনা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি অত্যাৱশ্যকীয় সেৱাত নিয়োজিত আৰু জি-২০ সম্পৰ্কীয় কামত জড়িত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে বিশেষ আকস্মিক ছুটীৰ সুবিধা ল'ব পাৰিব চলিত বছৰৰ ভিতৰত পৰ্যায়ক্ৰমে জীৱিত পিতৃ-মাতৃ আৰু শহুৰেকৰ সৈতে সময় কটাবলৈ।ইয়াৰ উপৰিও অধিসূচনাত কোৱা হৈছে যে এই বিভাগসমূহৰ এক চতুৰ্থাংশ কৰ্মচাৰীক প্ৰতিমাহে নিজ নিজ বিভাগে সুবিধা লাভ কৰিবলৈ অনুমতি দিব পাৰে, যাতে অত্যাৱশ্যকীয় ৰাজহুৱা সেৱাসমূহত বাধাৰ সৃষ্টি নহয়, আৰু লগতে কোৱা হৈছে যে বিশেষ সুবিধা গ্ৰহণ কৰা সকলো কৰ্মচাৰীয়ে উক্ত উদ্দেশ্যৰ বাবে আকস্মিক ছুটী দিলে নিশ্চিত হ'ব যে তেওঁলোকে জীৱিত পিতৃ-মাতৃ আৰু শহুৰেকৰ সৈতে ছুটী কটাব। উপযুক্ত ফটোগ্ৰাফসমূহ নিৰ্দিষ্ট পৰ্টেলত আপলোড কৰিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com