Begin typing your search above and press return to search.

কাজিৰঙাৰ গঁড়ৰ আক্ৰমণত গুৰুতৰভাবে আহত সাংবাদিক

গঁড়টোৰ আক্ৰমণত বাগৰি পৰাৰ পাছতে তেওঁক স্থানীয় লোকে চাহ বাগিচাৰ হাস্পতালত ভৰ্তি কৰে

কাজিৰঙাৰ গঁড়ৰ আক্ৰমণত গুৰুতৰভাবে আহত সাংবাদিক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-07-14T18:33:48+05:30

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা গঁড়ৰ আক্ৰমণত গুৰুতৰভাবে আহত হয় স্থানীয় এজন সাংবাদিক। প্ৰাপ্ত তথ্য অনুসৰি বানৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা উলাই অহা এটা প্ৰকাণ্ড গঁড়ে হাতীখুলি চাহ বাগিচাত আশ্ৰয় লয়। গঁডটোৰ ফটো তুলিবলৈ যাওঁতে আজি এটা ব্যক্তিগত টেলিভিচন চেনেলৰ স্থানীয় ভিডিঅ' সাংবাদিক ভাস্কৰ ৰাজখোৱাক গঁড়টোৱে আক্ৰমণ কৰে। গঁড়টোৰ আক্ৰমণত সাংবাদিক ৰাজখোৱাই পেটকে ধৰি দেহৰ বিভিন্ন স্থানত আঘাত পায়। গঁড়টোৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ তেওঁ যদিও নিজক ৰক্ষা কৰাত ব্যৰ্থ হয়। গঁড়টোৰ আক্ৰমণত বাগৰি পৰাৰ পাছতে তেওঁক স্থানীয় লোকে চাহ বাগিচাৰ হাস্পতালত ভৰ্তি কৰে। পাছত তাৰ পৰা তেওঁক যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ স্থানান্তৰ কৰা হয়।

সাংবাদিক ৰাজখোৱাৰ ঘৰ বোকাখাতৰ কয়লাখাত গাঁৱত।ইতিমধ্যে ঘটনাস্থলীত বন বিভাগৰ বিষয়াবৰ্গ উপস্থিত হৈছে। উল্লেখ্য যে সাম্প্ৰতিক বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধিকাংশই বুৰ গৈছে।

আৰু পঢ়িব পাৰেঃ চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্তত কৃতিত্বৰে উত্তীৰ্ণ নাহিদ আফ্ৰিন

Next Story