অসম: কাছাৰ জিলাৰ লায়লাপুৰত বিৰল প্ৰজাতিৰ চিম্পাঞ্জি জব্দ

আৰক্ষীয়ে এক বিবৃতিত কয় যে চিম্পাঞ্জীবোৰ সম্ভৱতঃ ইণ্ডোনেছিয়া বা ম্যানমাৰৰ পৰা মিজোৰামৰ মাজেৰে অসমলৈ সৰবৰাহ কৰা হৈছে।
অসম: কাছাৰ জিলাৰ লায়লাপুৰত বিৰল প্ৰজাতিৰ চিম্পাঞ্জি জব্দ
Published on

শিলচৰঃ অসমৰ কাছাৰ জিলাৰ লায়লাপুৰত ঢোলাইৰ অসম আৰক্ষীয়ে অভিযান চলাই দুটা বিৰল প্ৰজাতিৰ চিম্পাঞ্জী জব্দ কৰাত সফল হয়। আৰক্ষীয়ে এক বিবৃতিত কয় যে চিম্পাঞ্জীবোৰ সম্ভৱতঃ ইণ্ডোনেছিয়া বা ম্যানমাৰৰ পৰা মিজোৰামৰ মাজেৰে অসমলৈ সৰবৰাহ কৰা হৈছে।

চোৰাং ব্যৱসায়ীসকলে মিজোৰাম আৰু অসমক পথ হিচাপে লৈ চিম্পাঞ্জিবোৰ চোৰাং কৈ অনাৰ চেষ্টা কৰিছিল। উত্তৰ-পূবৰ এই ৰাজ্যসমূহ হৈছে ব্যক্তিগত চিৰিয়াখানাত বা  ব্যক্তিৰ ঘৰত পোহনীয়া জন্তু হিচাপে ৰাখিবলৈ এই বিদেশী জন্তুবোৰ দেশৰ আন প্ৰান্তলৈ চোৰাং সৰবৰাহ কৰাৰ এক পৰিবহন উৎস, বন বিভাগৰ এজন বিষয়াই কয়।

ইফালে, আৰক্ষীয়ে এই গোটেই চোৰাং ব্যৱসায়ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে যি উত্তৰ-পূবক পথ হিচাপে লৈ ব্যাপকভাৱে বৃদ্ধি পাইছে।

মাত্ৰ কেইদিনমান আগতে, দেওবাৰে, অসম-মিজোৰাম সীমান্ত জিলাৰ কোলাচিবৰ মিজোৰাম আৰক্ষীয়ে ১৯ টা প্ৰজাতিৰ বিদেশী জন্তু জব্দ কৰাত সফল হৈছিল য'ত ছয়টা গিবন, দহটা কাছ আৰু তিনিটা সৰু বান্দৰ অন্তৰ্ভুক্ত আছিল।

মিজোৰাম আৰক্ষীয়েও এই জীৱ-জন্তুৰ সৰবৰাহত নিয়োজিত চাৰিজন ব্যক্তিক আটক কৰাত সফল হৈছিল আৰু তেওঁলোক আটাইকেইজন অসমৰ কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ পৰা আহিছিল।

"মিজোৰাম বা মণিপুৰ কেৱল পৰিবহন পথ। অসম গন্তব্য স্থান নহয়। বিদেশী বন্যপ্ৰাণীবোৰ উত্তৰ-পূবৰ বাহিৰৰ কোনো ঠাইত চোৰাংকৈ সৰবৰাহ কৰা হৈছে, বন বিভাগৰ এটা সূত্ৰই এক বিবৃতিত কয়।

লক্ষণীয় যে ক'ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত এটা স্বেচ্ছামূলক প্ৰকাশৰ আঁচনি আহিছিল, যিটো এটা মধ্যস্থতাকাৰী বন্যপ্ৰাণী গৃহস্থ প্ৰজাতিৰ পৰা মানুহলৈ যোৱা এটা  ৰোগ, ২০২০ চনৰ জুন মাহত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল যিয়ে ,ভাৰতীয়সকলক আহ্বান জনাইছিল তেওঁলোকৰ ঘৰত কোনো বিদেশী বা বিৰল প্ৰজাতিৰ জীৱ-জন্তু আছে নেকি সেইটো প্ৰকাশ কৰিব যিবোৰ তেওঁলোকে নিজৰ অঞ্চলৰ পৰা স্থানচ্যুত বুলি ভাবে আৰু আচৰিত কথাটো হ'ল ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৩২০০০ তকৈ অধিক ভাৰতীয় স্বেচ্ছাই প্ৰকাশ কৰিলে যে, তেওঁলোকৰ ঘৰত বিদেশী জীৱ-জন্তু আছে।

আন এক  তথ্য হৈছে যে ,বিদেশী জন্তুৰ বিশ্বব্যাপী ব্যৱসায় ১৯ বিলিয়ন ডলাৰৰ উপৰত আছে আৰু  থাইলেণ্ড আৰু ইণ্ডোনেছিয়াৰ দৰে দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ পৰা ভাৰতৰ মাজেৰে বিশ্বৰ আন প্ৰান্তলৈ চোৰাংভাৱে সৰবৰাহ কৰা হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com