অৰুণাচলত বৰষুণে সৃষ্টি কৰিলে বিধ্বংসী

অত্যাৱশ্যকীয় সামগ্ৰীৰ সংকটে দেখা দিব পাৰে অৰুণাচল প্ৰদেশত , আনকি বি আৰ অ’ই পৃষ্ঠীয় যোগাযোগ পুনৰুদ্ধাৰৰ বাবে নিয়োজিত হৈ আছে।
অৰুণাচলত বৰষুণে সৃষ্টি কৰিলে বিধ্বংসী

ইটানগৰঃ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰি অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ সূচনা কৰাৰ লগতে উত্তৰ-পূবৰ ৰাজ্যখনৰ স্বাভাৱিক জীৱনত ব্যাঘাত জন্মাইছে।

যোৱা দুদিন ধৰি ভালুকপং আৰু টাৱাঙৰ মাজত  যোগাযোগ ব্যাহত হৈ আছে ৷

আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলটো হৈছে ভালুকপুং, য'ত বৰষুণৰ পানীয়ে আন দুখন বাহনৰ বাহিৰেও এখন টেংকাৰ উটুৱাই লৈ যায়।  বাহনবোৰৰ চালকসকলে আঘাত নোপোৱাকৈ পলায়ন কৰিবলৈ সক্ষম হয়।

ভালুকপংৰ পৰা টাৱাংলৈ যোৱা গুৰুত্বপূৰ্ণ পথটোৰ কিছু অংশ উটুৱাই নিয়াৰ ফলত অসম আৰু অৰুণাচল প্ৰদেশ উভয়ৰে যাতায়তৰ বাবে অপৰিসীম অসুবিধাৰ সৃষ্টি হৈছে।

ইয়াৰ ফলত সমগ্ৰ পাহাৰীয়া ৰাজ্যখনত দুসপ্তাহমানৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ সংকট সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।  যোগাযোগ পুনৰুদ্ধাৰৰ বাবে সীমান্ত পথ সংস্থাক নিয়োজিত কৰা হৈছে। 

চীনৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ এই গুৰুত্বপূৰ্ণ পথটোত প্ৰতিৰক্ষা বাহিনীয়েওকষ্টৰ সন্মুখীন হৈছে।

কৰ্তৃপক্ষই যাতায়ত কৰা লোকসকলক  ওৰাং-কালাকটাং-শ্বেৰগাঁও-ৰূপা-টাৱাং পথত যাবলৈ পৰামৰ্শ দিছে। কিন্তু এই পথটো ব্যৱহাৰ কৰাটো সহজ নহ'ব বুলি দাবী কৰে যাতায়তকাৰীসকলে।

আনহাতে, ছিয়াঙত ধাৰাসাৰ বৰষুণে পূব ছিয়াং জিলাৰ স্বাভাৱিক জীৱনতো ব্যাঘাত জন্মাইছে। ছিয়াং বেল্টত পাছিঘাট-পাংগিন ঘাইপথৰ লেলেক এৰাকত প্ৰচণ্ড ভূমিস্খলন হৈছে। যোৱা ৫ দিন ধৰি বলেং আৰু দিটে-ডাইমেৰ মাজত পথ যোগাযোগ বন্ধ হৈ আছে। কেৱল লেলেকতে স্বাভাৱিক অৱস্থা ঘূৰাই আনিছে কৰ্তৃপক্ষই। লিলেং অঞ্চলত পৃষ্ঠীয় যোগাযোগ পুনৰুদ্ধাৰৰ কাম চলি আছে।

আন এক বিপৰ্যয়ত গেৰুকামুখৰ এন এইচ পি চিৰ মালিকানাধীন সুবনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ এখন গ ৱাল ভাঙি পৰে সুবনশিৰি নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ পিছত। ইয়াৰ ফলত কৰ্তৃপক্ষই প্ৰকল্পটোত নিয়োজিত প্ৰায় ১০০০ শ্ৰমিকক নিৰাপদে খালী কৰিবলৈ বাধ্য হৈছে।

বতৰ কাৰ্যালয়ে অহা দুদিনত অৰুণাচলকে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত অধিক বৰষুণৰ আগজাননী দিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com