Begin typing your search above and press return to search.

অবৈধ সম্পৰ্কৰ বাবে ১২বছৰৰ বাবে বহিষ্কাৰ কৰা হ'ল ঢকুৱাখানাৰ মহিলাক

স্থানীয় পঞ্চায়তত গাওঁবুঢ়াই লোৱা সিদ্ধান্ত অনুসৰি এই দোষৰ বাবে মহিলাগৰাকীক গাঁৱৰ পৰা বহিষ্কাৰ কৰা হৈছে।

অবৈধ সম্পৰ্কৰ বাবে ১২বছৰৰ বাবে বহিষ্কাৰ কৰা হল ঢকুৱাখানাৰ মহিলাক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Nov 2021 11:36 AM GMT

অসমৰ ঢকুৱাখনাৰ এগৰাকী মহিলাক পৰ-পুৰুষৰ লগত অবৈধ সম্পৰ্ক ৰখাৰ বাবেই ১২বছৰৰ কাৰণে গাঁৱৰ পৰা বহিষ্কাৰ কৰিছে গাঁওবাসীয়ে।

তথ্য অনুসৰি মহিলাগৰাকীয়ে বহু কেইজন লোকৰ সৈতে অবৈধ সম্পৰ্ক বজাই ৰাখিছিল। স্থানীয় পঞ্চায়তত গাওঁবুঢ়াই লোৱা সিদ্ধান্ত অনুসৰি এই দোষৰ বাবে মহিলাগৰাকীক গাঁৱৰ পৰা বহিষ্কাৰ কৰা হৈছে।

স্থানীয় লোকৰ তথ্য অনুসৰি মহিলা গৰাকীৰ অবৈধ সম্পৰ্কৰ প্ৰতি আকৃষ্ট হোৱাৰ প্ৰধান কাৰণ হৈছে যে তেওঁৰ স্বামী কৰ্মসূত্ৰে নিজ গাঁও দীঘলা চাপৰিৰ বাহিৰত বসবাস কৰে। স্থানীয় লোকে মহিলা গৰাকীক বহুবাৰ হাতে - লুতে ধৰা পেলাইছিল আৰু চলাই থকা অবৈধ সম্বন্ধ বোৰৰ বাবে সকিয়নীও দিছিল।

অন্য এক ঘটনাত, অসমৰ নগাঁও জিলাৰ এগৰাকী মহিলা নিজৰ ঘৰৰ পৰা প্ৰায় ২৫বাৰ পলায়ন কৰা খবৰ পোহৰলৈ আহিছে। মহিলা গৰাকী শহুৰেকৰ মতে, বিয়াৰ পাছৰে পৰা মহিলা গৰাকীয়ে ভিন্ন পুৰুষৰ সৈতে ২০ - ২৫বাৰ পলায়নো কৰিছে।

উল্লেখযোগ্য যে মহিলা গৰাকী বৰ্তমান ঘৰলৈ ঘূৰি আহিছে আৰু তেওঁক ঘৰত পুনৰ এবাৰৰ কাৰণে স্বাগতম জনাবলৈ স্বামী সাজু হৈছে। তিনিটা সন্তানৰ মাতৃ, এই মহিলা গৰাকীৰ ঘৰ নগাঁৱৰ ধিং অঞ্চলত। তেওঁলোকৰ পৰিয়ালৰ নতুন সদস্য হৈছে মহিলা গৰাকীৰ ৩মহীয়া নৱজাতক শিশুটি। পলায়ন কৰাৰ মাত্ৰ কেইটা মান দিনৰ পাছতেই পুনৰ ঘৰ আহি ওলাই মহিলা গৰাকী।

এইবাৰ মহিলা গৰাকী নিজৰেই এগৰাকী চুবুৰীয়াৰ সৈতে পলায়ন কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰু এইয়া তেওঁৰ ২৫নম্বৰ বাৰ পলায়ন কৰাৰ প্ৰচেষ্টা বুলি জানিবলৈ পোৱা গৈছে ।

"৪ছেপ্টেম্বৰ তাৰিখে, যেতিয়া মই মটৰ গেৰেজ এটাৰ পৰা ঘৰ আহি পাইছোঁ, মই নিজৰ পত্নীক বিচাৰি পোৱা নাছিলোঁ", এই কথা মনত পেলাই পেছাত ড্ৰাইভাৰ মহিলা গৰাকীৰ স্বামীয়ে । "আমাৰ ৩মহীয়া নৱজাতক শিশুটিক ওচৰৰে মানুহ এঘৰত থৈ পলায়ন কৰিছিল তেওঁ। চুবুৰীয়াৰ আগত মিছা মাতিছিল যে, তেওঁ ছাগলীৰ বাবে খোৱা বস্তু বিচাৰো যায়। নিজৰ লগত তেওঁ ২২,০০০টকা আৰু কিছু লাগতীয়াল সামগ্ৰী লৈ গৈছে তেওঁ"।


আৰু পঢ়িব পাৰেঃ ৰাজহুৱা স্থান লেতেৰা কৰা লোকৰ তথ্য দিলে পুৰস্কাৰ দিব গুৱাহাটী পৌৰ নিগমে

Next Story
চাকৰি