আগন্তুক উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা

বিজেপিৰ ৰাজনীতিবিদ জম্বে তাছিৰ মৃত্যুৰ বাবে অৰুণাচলত আৰু পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ সদস্য সুব্ৰত সাহাৰ মৃত্যুৰ বাবে এই উপ-নিৰ্বাচন।
আগন্তুক উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা
Published on: 

নতুন দিল্লীঃ আগন্তুক উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে নাম ঘোষণা কৰিছে অৰুণাচল প্ৰদেশ আৰু পশ্চিম বংগ ৰাজ্যত। ভাৰতৰ নিৰ্বাচন আয়োগে জানুৱাৰী মাহত ঘোষণা কৰিছিল যে অহা ২৭ ফেব্ৰুৱাৰীত পাঁচখন ৰাজ্যত বিস্তৃত ছটা সমষ্টিৰ উপ-নিৰ্বাচন আয়োজন ।যত আছিল মহাৰাষ্ট্ৰৰ দুটা সমষ্টি। ২ মাৰ্চত এই সমষ্টিসমূহৰ ভোটগণনা সম্পন্ন কৰা হ'ব।

ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে বুধবাৰে অৰুণাচল প্ৰদেশ আৰু পশ্চিমবংগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁলোকৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। অৰুণাচল প্ৰদেশৰ লুমলা (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) আসনত চেৰিং লামুৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে দিলীপ সাহাই ভাৰতীয় জনতা পাৰ্টিৰ হৈ পশ্চিম বংগৰ সাগৰদিঘী সমষ্টিৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com