Begin typing your search above and press return to search.

বোকাজানৰ এঘৰত ঘৰৰ টিনপাত ফুটি পৰিল বন্দুকৰ গুলি

এই খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দাসৰ ঘৰৰ ভিতৰৰ পৰা গুলিটো উদ্ধাৰ কৰে।

বোকাজানৰ এঘৰত ঘৰৰ টিনপাত ফুটি পৰিল বন্দুকৰ গুলি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Nov 2021 11:22 AM GMT

কালি সন্ধিয়া দীপাৱলীৰ আনন্দ-উছাহৰ মাজতে কাৰ্বি আংলং জিলাৰ বোকাজানৰ এঘৰত ঘৰৰ টিনপাত ফুটি এটা বন্দুকৰ গুলি ভিতৰত পৰে। ঘচনাটো সংঘটিত হয় বোকাজান নগৰৰ দুই নম্বৰ ৱাৰ্ডৰ নিবাসী দীপক দাসৰ ঘৰত। ঘটনাৰ আকস্মিকতাই দাসৰ ঘৰৰ সকলোকে কঁপাই তোলে। সৌভাগ্যবশতঃ গুলিৰ আঘাতত ক্ষয়-ক্ষতি নহ'ল। লগে লগে ঘটনাৰ বিষয়ে দাসে বোকাজান আৰক্ষী থানাত জনায়।

এই খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দাসৰ ঘৰৰ ভিতৰৰ পৰা গুলিটো উদ্ধাৰ কৰে। সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। অৱশ্যে গুলিটো কৰ পৰা দাসৰ ঘৰৰ টিনপাতত পৰিলহি তাৰ তথ্য পোহৰলৈ অহা নাই।


আৰু পঢ়িব পাৰেঃ দশম মৃত্যু তিথিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক সোঁৱৰণ

Next Story