জন্মদিনত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব ফেন্সি বজাৰ ফুট ব্ৰিজ

প্ৰধান উদ্দেশ্য হৈছে সেই অঞ্চলত যান-জঁটৰ মাজত পথচাৰীৰ সুবিধা
জন্মদিনত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব ফেন্সি বজাৰ ফুট ব্ৰিজ

গুৱাহাটী : গুৱাহাটী ফেন্সি বজাৰৰ মহাত্মা গান্ধী পথৰ নিৰ্মীয়মান ফুট ব্ৰিজ (এফ অ' বি) অৱশেষত অহা ১ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে উদ্বোধন হ'ব।অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখিত তাৰিখত এই উন্মোচন কৰিব। সেইদিনা তেওঁৰ জন্মদিন। দলংখনৰ আঁৰৰ প্ৰধান উদ্দেশ্য হৈছে সেই অঞ্চলত যান-জঁটৰ মাজত পথচাৰীৰ সুবিধা।

দলঙৰ এটা দিশ পি ডব্লিউ ডি কেম্পাছৰ সন্মুখত শেষ হোৱাৰ বিপৰীতে আনটো ব্ৰহ্মপুত্ৰ ৰিভাৰছাইডত শেষ হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com