ভাৰত এক সভ্যতা: মুখ্যমন্ত্ৰী

পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰীৰ
ভাৰত এক সভ্যতা: মুখ্যমন্ত্ৰী

গুৱাহাটীঃ বৃহস্পতিবাৰে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে গণৰাজ্য দিৱসৰ ভাষণ প্ৰদান কৰে, কিয়নো ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে নাগালেণ্ডত গণৰাজ্য দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ গৈছিল। মুখ্যমন্ত্ৰীয়ে নিজ ভাষণত নিজৰ ত্যাগৰ জৰিয়তে জাতিৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি অপৰিসীম আৰু অতুলনীয় অৱদান আগবঢ়োৱা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত ভূমিকাৰ বাবে "জাতিৰ পিতৃ" মহাত্মা গান্ধীকো স্মৰণ কৰে। জাতিৰ ঐক্য আৰু অখণ্ডতা সুৰক্ষিত কৰি সৰ্বোচ্চ ত্যাগ কৰা সামৰিক, অৰ্ধসামৰিক আৰু ৰাজ্যিক আৰক্ষী বাহিনীৰ পতিত বীৰসকলকো তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

মুখ্যমন্ত্রীয়ে কয় যে ভাৰতৰ সংবিধানৰ বিধানসমূহে ভাৰতৰ নাগৰিকসকলৰ আশা আৰু আকাংক্ষা প্রতিফলিত কৰিছে, একে সময়তে এই উদ্দেশ্যে নির্ধাৰিত আইন অনুসৰি জাতিটো পৰিচালিত কৰাটো নিশ্চিত কৰা হৈছে৷ সংবিধানত নাগৰিকৰ লগতে চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্যৰ স্পষ্ট ৰূপৰেখা দাঙি ধৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্যই আমাক ভূমিৰ আইন মানি চলাৰ প্ৰতি আমাৰ বাধ্যবাধকতাৰ কথা সোঁৱৰাই দিয়ে বুলিও তেওঁ লগতে কয়। ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিসমূহে প্ৰশাসনিক গঠনক "কল্যাণকামী ৰাষ্ট্ৰ"ৰ চৰিত্ৰ প্ৰদান কৰে। অনুসূচিত সম্প্ৰদায়সমূহৰ সবলীকৰণৰ লগতে তেওঁলোকৰ সাংস্কৃতিক, আৰু ৰাজনৈতিক অধিকাৰসমূহৰ সুৰক্ষা সংবিধানে গ্ৰহণ কৰিছে বুলিও তেওঁ লগতে কয়। মুখ্যমন্ত্ৰীয়ে আৰু কয় যে ভাৰতৰ সংবিধান বিশ্বৰ অন্যান্য প্ৰান্তৰ সমকক্ষৰ দৰে নহয়, কেৱল আইন প্ৰণয়নৰ বিষয়ে বিতংভাৱে লিখা এখন কিতাপ নহয় বৰঞ্চ ৰাজনৈতিক আৰু সামাজিক ন্যায়ৰ বাবে এক নথি। সংবিধানৰ "কল্যাণমূলক" উপাদানটো ইয়াৰ সকলো বিধানতে ভালদৰে প্ৰতিফলিত হৈছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে ভাৰতৰ সংবিধানে জাতিসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পর্কত গুৰুত্ব আৰোপ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com