Begin typing your search above and press return to search.

ৰাজ্যত অধিক সবল হ'ল ক'ৰ'না বিৰোধী যুঁজঃ ডিফু মেডিকেল কলেজত পৰীক্ষাগাৰ মুকলি

ডিফু চিকিৎসা মহাবিদ্যালয়ক ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ(আই চি এম আৰ)-এ কংৰ'না পৰীক্ষাগাৰৰ স্বীকৃতি প্ৰদান কৰিছে

ৰাজ্যত অধিক সবল হল কৰনা বিৰোধী যুঁজঃ ডিফু মেডিকেল কলেজত পৰীক্ষাগাৰ মুকলি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-06-11T19:04:44+05:30

ৰাজ্যত অধিক সবল হ'ল ক'ৰ'না মহামাৰীবিৰোধী যুঁজঃ ডিফু মেডিকেল কলেজত পৰীক্ষাগাৰ মুকলি

ৰাজ্যত অধিক শক্তিশালী হ'ল ক'ৰ'না মহামাৰীবিৰোধী যুঁজখন ৷ বৃহস্পতিবাৰে ডিফু চিকিৎসা মহাবিদ্যালয়ত ক'ৰ'নাৰ নমুনা পৰীক্ষাৰ এটা পৰীক্ষাগাৰ মুকলি কৰা হয় ৷ এই পৰীক্ষাগাৰ মুকলি কৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ পৰীক্ষাগাৰটো মুকলি অনুষ্ঠানত ডিফুৰ বিজেপি সাংসদ হৰেনছিং বেও উপস্থিত থাকে । আনহাতে, ৰাজ্যত ক'ৰ'না মহামাৰীবিৰোধী যুঁজখনত সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পৰীক্ষাগাৰ মুকলিক আন এক কষতি শিলৰূপে অভিহিত কৰিছে ৷ ইয়াৰ কিছুদিন পূৰ্বে শৰ্মাই প্ৰকাশ কৰে যে ডিফু চিকিৎসা মহাবিদ্যালয়ক ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ(আই চি এম আৰ)-এ কংৰ'না নমুনা পৰীক্ষাৰ বাবে পৰীক্ষাগাৰৰ স্বীকৃতি প্ৰদান কৰিছে ৷ ইয়াৰ বাবে তেওঁ আই চি এম আৰক ধন্যবাদ জনায় । আজি এই পৰীক্ষাগাৰ মুকলি কৰাত স্বাস্থ্য মন্ত্ৰীজনে সন্তুষ্টি প্ৰকাশ কৰিছে ৷ ইপিনে, অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যাৰ দ্ৰুত বৃদ্ধি অব্যাহত আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত সম্প্ৰতি মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩৩১৯ জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ আৰু ৩৪ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। এই ৩৪ ক'ৰ'না আক্ৰান্ত ৰাজ্যৰ বিভিন্ন জিলাৰ। ফলত ৰাজ্যত এক্টিভ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২০৬১ জনলৈ বৃদ্ধি পাইছে।


আৰু পঢ়িব পাৰেঃ সামূহিক সংক্ৰমণ ! গুৱাহাটীৰ ১৩জন ক'ৰ'না আক্ৰান্তৰ নাই "ভ্ৰমণ ইতিহাস"

Next Story