অত্যাৱশ্যকীয় সামগ্ৰীৰ আভুৱা ভাৰি চোৰাং কাৰবাৰঃ ধুবুৰীত জালত পৰিল চক্ৰ

আৰক্ষীয়ে তেল চুৰি তথা তেলৰ অবৈধ বেহা পতাৰ অভিযোগত গোলকগঞ্জৰ পৰা তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷
অত্যাৱশ্যকীয় সামগ্ৰীৰ আভুৱা ভাৰি চোৰাং কাৰবাৰঃ ধুবুৰীত জালত পৰিল চক্ৰ
Published on: 

অত্যাৱশ্যকীয় সামগ্ৰীৰ গইনা লৈ চোৰাং কাৰবাৰ চলোৱা চক্ৰ ধুবুৰীত জালত পৰিছে। ধুবুৰী আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি তেল চুৰি, গৰুৰ চোৰাং বেপাৰ কৰা আৰু ধঁপাতৰ চোৰাং বেহা পতা চক্ৰ আৰক্ষীৰ অভিযানত জালত পৰিছে। চক্ৰটোৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ আভুৱা ভাৰি এই চোৰাং বেহা চলাই আছিল।

আৰক্ষীয়ে তেল চুৰি তথা তেলৰ অবৈধ বেহা পতাৰ অভিযোগত গোলকগঞ্জৰ পৰা তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ একেদৰে গৰুৰ চোৰাংবেহাত জড়িত থকাৰ অভিযোগত ছাগলীয়াৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ তদুপৰি গৌৰাংগ বজাৰত এটা অবৈধ তেল ডিপ' আৰক্ষীয়ে উৎখাত কৰিছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com