Begin typing your search above and press return to search.

অত্যাৱশ্যকীয় সামগ্ৰীৰ আভুৱা ভাৰি চোৰাং কাৰবাৰঃ ধুবুৰীত জালত পৰিল চক্ৰ

আৰক্ষীয়ে তেল চুৰি তথা তেলৰ অবৈধ বেহা পতাৰ অভিযোগত গোলকগঞ্জৰ পৰা তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ আভুৱা ভাৰি চোৰাং কাৰবাৰঃ ধুবুৰীত জালত পৰিল চক্ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Sep 2020 7:05 AM GMT

অত্যাৱশ্যকীয় সামগ্ৰীৰ গইনা লৈ চোৰাং কাৰবাৰ চলোৱা চক্ৰ ধুবুৰীত জালত পৰিছে। ধুবুৰী আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি তেল চুৰি, গৰুৰ চোৰাং বেপাৰ কৰা আৰু ধঁপাতৰ চোৰাং বেহা পতা চক্ৰ আৰক্ষীৰ অভিযানত জালত পৰিছে। চক্ৰটোৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ আভুৱা ভাৰি এই চোৰাং বেহা চলাই আছিল।

আৰক্ষীয়ে তেল চুৰি তথা তেলৰ অবৈধ বেহা পতাৰ অভিযোগত গোলকগঞ্জৰ পৰা তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ একেদৰে গৰুৰ চোৰাংবেহাত জড়িত থকাৰ অভিযোগত ছাগলীয়াৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ তদুপৰি গৌৰাংগ বজাৰত এটা অবৈধ তেল ডিপ' আৰক্ষীয়ে উৎখাত কৰিছে ৷

আৰু পঢ়িব পাৰেঃ ক'ৰ'নাঃ অসমত ডেৰ লক্ষৰ ঘৰক অতিক্ৰম কৰিলে আক্ৰান্তৰ সংখ্যাই

Next Story
চাকৰি