Begin typing your search above and press return to search.

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ কাণ্ডঃ অশ্লীল ভিডিঅ' নিৰ্মাণ কৰি গ্ৰেপ্তাৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড: হৰিশ্চন্দ্ৰ মহন্তৰ এজাহাৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সহকাৰী অধ্যাপক চৌধুৰীক।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ কাণ্ডঃ অশ্লীল ভিডিঅ নিৰ্মাণ কৰি গ্ৰেপ্তাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 July 2020 11:19 AM GMT

অশ্লীল ভিডিঅ' নিৰ্মাণ কৰি গ্ৰেপ্তাৰ হ'ল ৰাজ্যৰ এখন বিশ্বিদ্যালয়ৰ এজন সন্মানীয় অধ্যাপক। অভিযোগ অনুসৰি পূব অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰীয়ে নিজে নিৰ্মাণ কৰা অশ্লীল ভিডিঅ' বিভিন্ন ৱেবছাইটত আপলোড কৰি আহিছে। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰী। কমবয়সীয়া যুৱতীৰ সৈতেও অধ্যাপকগৰাকীয়ে পৰ্ণ ভিডিঅ' নিৰ্মাণ কৰি আহিছে। অৱশেষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড: হৰিশ্চন্দ্ৰ মহন্তৰ এজাহাৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সহকাৰী অধ্যাপক চৌধুৰীক।

স্বাভাৱিকতে এগৰাকী যুৱতীৰ সৈতে কৰা অশ্লীল ভিডিঅ' পৰ্ণ চাইটত আপলোড কৰাৰ পাছতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আৰক্ষীয়ে ১০৪৪/২০ নম্বৰৰ গোচৰত গ্ৰেপ্তাৰ কৰি অধ্যাপকজনক সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে। ইতিমধ্যে চৌধুৰীয়ে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে অশ্লীল ভিডিঅ নিৰ্মাণ কৰাৰ কথা।

আনহাতে, অধ্যাপকজনে গুৱাহাটীৰ হোটেলৰ কোঠাত ৰহস্যময়ী মহিলাৰ সৈতে গোপন অভিসাৰত লিপ্ত হোৱা বহু ভিডিঅ নিজৰ কেমেৰাত বন্দী কৰিছিল। আৰক্ষীয়ে ইতিমধ্যে কেমেৰাটো ডিব্ৰুগড় চহৰৰ আমোলাপট্টিৰ বাসগৃহৰ পৰা জব্দ কৰিছে। এই পৰ্ণ ভিডিঅ'সমূহৰ সৈতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কোনো ছাত্ৰী জড়িত নাই বুলি আৰক্ষী অধীক্ষকে স্পষ্টকৈ প্ৰকাশ কৰাৰ লগতে কোনো লোকে যদি বিশ্ববিদ্যালয়ৰ ছাত্ৰী জড়িত থকাৰ কথা বিয়পাই তেন্তে তেনে লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও উল্লেখ কৰিছে।

আৰু পঢ়িব পাৰেঃ ক'ৰ'নাৰ সংক্ৰমণ পৰীক্ষণঃ গুৱাহাটীৰ বাবে এক লাখ নতুন সঁজুলি

Next Story
চাকৰি