Begin typing your search above and press return to search.

দুৰ্ভাগ্যজনকঃ হাফলঙত শাৰীৰিক সক্ষমতা পৰীক্ষণৰ সময়ত বনকৰ্মীৰ মৃত্যু

বিভাগীয় ফিটনেছ পৰীক্ষণৰ সময়ত জ্ঞান হেৰুৱাই ঢলি পৰে থাওচেন। ততাতয়াকৈ তেওঁক লৈ যোৱা হয় হাফলং অসামৰিক চিকিৎসালয়লৈ।

দুৰ্ভাগ্যজনকঃ হাফলঙত শাৰীৰিক সক্ষমতা পৰীক্ষণৰ সময়ত বনকৰ্মীৰ মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Nov 2021 11:27 AM GMT

শাৰীৰিক সক্ষমতাৰ এক বিভাগীয় পৰীক্ষণ চলি থকাৰ সময়ত মৃত্যুমুখত পৰিছে অসমৰ ডিমা হাছাও জিলাৰ হাফলং বন খণ্ডৰ এগৰাকী বনকর্মী।

মৃত বনকৰ্মীজনক ব্ৰীজেশ থাওচেন বুলি চিনাক্ত কৰা হৈছে । পশ্চিম হাফলং বন খণ্ডত ফৰেষ্টাৰ পদত নিযুক্ত আছিল ডিমা হাছাও জিলাৰ, হাফলং অঞ্চলৰ দিগ্ৰীক গাঁৱৰ নিবাসী আছিল থাওচেন।

বিভাগীয় ফিটনেছ পৰীক্ষণৰ সময়ত জ্ঞান হেৰুৱাই ঢলি পৰে থাওচেন। ততাতয়াকৈ তেওঁক লৈ যোৱা হয় হাফলং অসামৰিক চিকিৎসালয়লৈ, য'ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

উল্লেখ্য যে সকলো আগশাৰীৰ বনকৰ্মী যেনে ফৰেষ্ট গাৰ্ড, ফৰেষ্টাৰ্ছ ০২ আৰু ০১, আদি সকলোৰে সময়ে সময়ে এনে ধৰণৰ শৰীৰ পৰীক্ষণ অনুষ্ঠিত কৰা হয় ।

"ব্ৰিজেশক খোজ কাঢ়িবলৈ তদাৰক কৰা হৈছিল, কিন্তু প্ৰায় ৫মিনিটৰ ভিতৰতে তেওঁ মাটিত ঢলি পৰিছিল",ৰাজু পকৰেল, ডেপুটি ৰেঞ্জাৰ, হাফলং বন খণ্ড। "তাৰ পাছতেই ততাতয়াকৈ তেওঁক লৈ যোৱা হয় হাফলং অসামৰিক চিকিৎসালয়লৈ, য'ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। বৰ্তমানলৈকে থাওচেনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই"।

আৰু পঢ়িব পাৰেঃ ভুৱা মহিলা চিকিৎসকে তিনিচুকীয়াৰ দুটা পৰিয়ালৰ পৰা লুটিলে ২০ লাখ টকা

Next Story