গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশ্নকাকতত বিসংগতি : ছপা নহল প্ৰশ্ন 

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশ্নকাকতত বিসংগতি : ছপা নহল প্ৰশ্ন 
Published on

গুৱাহাটী : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয় সমূহৰ তৃতীয় ষাণ্মাসিকৰ পৰীক্ষাত এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয়। যাৰ ফলত পৰীক্ষাগৃহ ত্যাগ কৰি ওলাই আহে পৰীক্ষাৰ্থী।ঘটনা অনুসৰি শুক্ৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ তৃতীয় ষাণ্মাসিকৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পৰীক্ষা অনুষ্ঠিত হৈছিল।অনুষ্ঠিত হোৱা পৰীক্ষাটোৰ প্ৰশ্নকাকত উল্লেখ থাকিবলগীয়া বিষয় আছিল দুটা।সেই বিষয় দুটা হল ভাৰতীয় সংবিধান আৰু

আন্তঃৰাষ্ট্ৰীয় সমন্ধ।দুটা বিষয়ৰ পৰা এটা বিষয় নিৰ্বাচিত কৰি পৰীক্ষাৰ উত্তৰ লিখাৰ নিয়ম আছিল পৰীক্ষার্থীসকলৰ বাবে।কিন্তু পৰীক্ষাত বহিব লৈ পৰীক্ষাৰ্থী সকল আচৰিত হয় যেতিয়া তেওঁলোকে দেখে প্ৰশ্নকাকত খনৰ ভাৰতীয় সংবিধান বিষয়ৰ কোনো প্ৰশ্নই প্ৰশ্নকাকতখনত উল্লেখ নাছিল।ফলত পৰীক্ষাগৃহত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় আৰু বহু পৰীক্ষাৰ্থী পৰীক্ষাগৃহ ত্যাগ কৰে।

এনে বিসংগতিৰ পিছতেই গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰে যে,সেইদিনাৰ ৰাজনীতি বিজ্ঞানৰ পৰীক্ষা বাতিল কৰা হৈছে আৰু পৰীক্ষাৰ দিন পিছুৱাই দিয়া হৈছে। কিছু ভুলবশত প্ৰশ্নকাকতখনত ভাৰতীয় সংবিধান বিষয়ক প্ৰশ্ন ছপা নহল।লগতে জনায় যে পৰীক্ষাৰ দিন পিছত নিৰ্দিষ্ট কৰা হব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com