Begin typing your search above and press return to search.

কামৰূপ (এম) জিলাৰ আজাদ হিন্দ ক্লাৱত বেটি বচাও বেটি পঢ়াও শীৰ্ষক সজাগতা সভা

কামৰূপ (এম) জিলাৰ আজাদ হিন্দ ক্লাৱত বেটি বচাও বেটি পঢ়াও শীৰ্ষক সজাগতা সভা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Nov 2019 9:12 AM GMT

কামৰূপ (এম) জিলাৰ আজাদ হিন্দ ক্লাৱত বেটি বচাও বেটি পঢ়াও শীৰ্ষক সজাগতা সভা ।‌ কামৰূপ (এম) জিলাৰ পাণ্ডুৰ আজাদ হিন্দ ক্লাৱত জিলা প্ৰশাসন আৰু জিলা সামাজিক কল্যান কাৰ্যলয়ে বেটি বচাও বেটি পঢ়াও আঁচনিৰ ওপৰত এক সজাগতা সভাৰ আয়োজন কৰে।‌ জিলা খনৰ ছোৱালীৰ শিক্ষা , স্বাস্থ্য, সুৰক্ষাৰ লগত সম্বন্ধিত সমস্যা সমূহ সম্পৰ্কে সমাজক সংবেদনশীল কৰি গঢ়ি তোলায়ে এই সভা‌ খনৰ মূল উদ্দেশ্য।

এই সভাত বিভিন্ন বিভাগ যেনে জিলা শিশু সুৰক্ষা কেন্দ্ৰ , স্বাস্থ্য , কামৰূপ (এম) ৰ পি চি পি এন ডি টি চেলৰ সদস্য, লগতে বহু বে চৰকাৰী সংগঠনৰ‌ ৩০০ তকৈ অধিক প্ৰতিনিধি এই সজাগতা সভাত উপস্থিত থাকে। এই অনুষ্ঠানটোত নৱ বিবাহিত দম্পতী , অভিভাৱক, শিক্ষক , যুৱ সমাজ , কিশোৰী, এছ এইচ জি আৰু মহিলা সমিতিৰ সদস্য , বিশিষ্ট নাগৰিক, অংগনবাদী কাৰ্যকৰ্তা , এ এন এম , আশা কৰ্মী , বিদ্যালয় প্ৰবন্ধন সমিতি আদিও উপস্থিত থাকে ।

উক্ত অনুষ্ঠানত কামৰূপ (এম) ৰ ডি এছ ডব্লিউ অ' ই কিশোৰীৰ অস্তিত্ব, সংৰক্ষণ, শিক্ষা, স্বাস্থ্যৰ‌ লগতে তেওঁলোকৰ মহত্বৰ বিষয়ে ভাষন প্ৰদান কৰে । কামৰূপ (এম) ৰ পি চি পি এন ডি টি তেলৰ সদস্য ড° কন্দৰ্প পাঠকে ছোৱালী সম্পৰ্কীয় বিভিন্ন বিষয়ত গুৰুত্ব আৰোপ কৰে । এই অনুষ্ঠানটোত শপত গ্ৰহন কাৰ্যসূচী ও আয়োজন কৰা হয় ।

৩ ৰ পৰা ৬ বছৰীয়া ছোৱালী সকলৰ মাজত স্বস্থ্য বালিকা শিশু প্ৰতিযোগিতা আয়োজন কৰাৰ লগতে প্ৰতিযোগিতাৰ অন্তত জয়ী আৰু আন অংশগ্ৰহণ কাৰী সকলক সন্মান প্ৰদান কৰি হয় ।তদুপৰি নতুনকৈ জন্ম হোৱা ছোৱালী সকলোকো এই সভাত সন্মানিত কৰা হয় ।

অন্য খবৰৰ বাবে পঢ়ক: বিধানসভাৰ শীতকালীন অধিবেশনৰ প্ৰথমটো দিনতেই আঠ সংগঠনৰ প্ৰতিবাদ

ভিডিঅ প্ৰতক্ষ্য কৰক: Chaotic Situation in Guwahati’s Last Gate, Protesters slams BJP Government over CAB

Next Story
চাকৰি