Begin typing your search above and press return to search.

বিধানসভাৰ শীতকালীন অধিবেশনৰ প্ৰথমটো দিনতেই আঠ সংগঠনৰ প্ৰতিবাদ

বিধানসভাৰ শীতকালীন অধিবেশনৰ প্ৰথমটো দিনতেই আঠ সংগঠনৰ প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Nov 2019 7:32 AM GMT

বিধানসভাৰ শীতকালীন অধিবেশনৰ প্ৰথমটো দিনতেই আঠ সংগঠনৰ প্ৰতিবাদ ।‌ অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ প্ৰথম দিনটোতেই সদনৰ ভিতৰে বাহিৰে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে বিভিন্ন দল সংগঠনে। বৃহস্পতিবাৰে মহানগৰীৰ দিছপুৰৰ লাষ্টগেটত বহু দল সংগঠনে বিভিন্ন দাবী তুলি প্ৰতিবাদ কাৰ্যসূচী উত্তাল কৰি তোলে ।

প্ৰতিবন্ধী সুৰক্ষা সংস্থা ,অসম নামৰ সংগঠনটোৱে বিৰোধ প্ৰদৰ্শন কৰি ২১ টা দাবী উত্থাপন কৰে । সংস্থাটোৱে দাবী কৰে যে বিভিন্ন চৰকাৰী বিভাগত ৪৪১৯ টা পদ বিশেষ ভাৱে সক্ষম ব্যক্তিৰ বাবে আছে । য'ত কেৱল ৮৬৩ টা পদতহে নিযুক্তি দিয়া হৈছে । সংস্থাটোৱে দাবী কৰিছে যে খালী থকা পদ কেইটা বিশেষ অভিযানৰ মাধ্যমত পূৰ্ণ কৰিব লাগে । ইয়াৰ উপৰিও তেওঁলোকে দাবী কৰে যে দিন দয়াল পেঞ্চনৰ বৃদ্ধি প্ৰতিমাহে ১,০০০ ৰ পৰা ৩,০০০ কৰিব লাগে ।

সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মাধ্যাহ্ন ভোজন কৰ্মচাৰী সংস্থাৰ সদস্য সকলে তেওঁলোকৰ পদ নিয়মীয়াকৰণৰ দাবী কৰে । লগতে তেওঁলোকক ১০ মাহৰ বাবে দিয়া পাৰিশ্ৰমিক ১২ মাহলৈ বৃদ্ধি কৰাৰ দাবী কৰে ।

অবড়ো সুৰক্ষা সমিতি, অসমে তেওঁলোকৰ ১০ টা দাবীৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। তেওঁলোকে দাবী কৰে যে কেন্দ্ৰীয় চৰকাৰে বি টি এ‌ ডি ক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ় দিব খোজে । কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহনৰ আগতে অবড়ো সকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ বাবে আহ্বান জনায়। বি টি চি পুনৰীক্ষণৰ দাবী কৰে সংগঠনটোৱে।‌

সদৌ অসম জনস্বাস্থ্য কাৰীকৰী বিভাগৰ অবৈতন কৰ্মচাৰী সংস্থাইও তেওঁলোকৰ ৯ টা দাবীৰ হয় প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে । তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ অৰ্থাৎ অস্থায়ী কৰ্মচাৰী সকলক স্থায়ী নিযুক্তিৰ বাবে দাবী জনায় সংগঠনটোৱে।

ৰাভা উন্নয়ন পৰিষদীয় দাবী সমিতিয়ে ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্তৰ‌ দাবী কৰে সংগঠনটোৱে।

বাওঁ গনতান্ত্ৰিক মৰ্চাই তেওঁলোকৰ ৩ টা দাবী জনায় ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে । সংগঠনটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কক অসংবিধানিক আখ্যা দি বিধেয়ক খন বাতিলৰ‌ দাবী কৰে ।

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাইও নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে।

তদুপৰি আন্তঃৰাষ্ট্ৰীয় ভোটাৰ্চ পাৰ্টীয়ো বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিধেয়ক খন বাতিলৰ দাবী জনায়।

অন্য খবৰৰ বাবে পঢ়ক: অসম সাহিত্য সভাৰ সমাবৰ্তন ২০১৯ ত তিনি জন ব্যক্তিক সাহিত্যাচাৰ্য শিক্ষাচাৰ্য বঁটা প্ৰদান

ভিডিঅ প্ৰতক্ষ্য কৰক: Chaotic Situation in Guwahati's Last Gate, Protesters slams BJP Government over CAB

Next Story
চাকৰি