Begin typing your search above and press return to search.

অসম সাহিত্য সভাৰ সমাবৰ্তন ২০১৯ ত তিনি জন ব্যক্তিক সাহিত্যাচাৰ্য শিক্ষাচাৰ্য বঁটা প্ৰদান

অসম সাহিত্য সভাৰ সমাবৰ্তন ২০১৯ ত তিনি জন ব্যক্তিক সাহিত্যাচাৰ্য শিক্ষাচাৰ্য বঁটা প্ৰদান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Nov 2019 7:37 AM GMT

অসম সাহিত্য সভাৰ সমাবৰ্তন ২০১৯ ত তিনি জন ব্যক্তিক সাহিত্যাচাৰ্য শিক্ষাচাৰ্য বঁটা প্ৰদান । বুধবাৰে মহানগৰীৰ মাছখোৱত অৱস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অসম সাহিত্য সভাৰ সমাবৰ্তন ২০১৯ অনুষ্ঠিত হয় ।

অসম সাহিত্য সভাৰ দ্বিতীয় বাৰ্ষিক সন্মিলন সমাৱৰ্তন ২০১৯ ত শিক্ষাৰ ক্ষেত্ৰত প্ৰদান কৰা অনবদ্য অবদানৰ বাবে প্ৰসিদ্ধ শিক্ষাবিদ মহবুবুল হকক গৌৰৱপূৰ্ণ " শিক্ষাদানৰ" সন্মান প্ৰদান কৰে । মহবুবুল হক ইউনিভাৰ্ছিটি অফ চাইন্স এণ্ড টেকনলজিৰ সঞ্চালক হয় ।‌ লগতে উক্ত সভাত বিশিষ্ট কথা সাহিত্যক , শিক্ষাবিদ ড° পৰাগ কুমাৰ ভট্টাচাৰ্য আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা বিশিষ্ট সাহিত্যিক তথা মিচিং ভাষা সাহিত্যৰ বিশিষ্ট ব্যক্তি নাহেন্দ্ৰ পাডুনক সাহিত্যাচাৰ্য সন্মান প্ৰদান কৰা হয়। এই সন্মান প্ৰদান কৰে মেঘালয়ৰ ৰাজ্যপাল তথাগতা ৰয়ে ।

উক্ত সন্মিলনত অসম সাহিত্য সভাৰ প্ৰাক্তন অধ্যক্ষ ড° ধ্ৰুৱজ্যোতি বৰা , অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ লগতে বহু গন্য মান্য ব্যক্তি উপস্থিত থাকে।

এই সন্মিলন খনত সম্বোধন কৰি সন্মিলনৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰিত তথা মেঘালয়ৰ‌ ৰাজ্যপাল তথাগতা ৰয়ে কয় যে অসম সাহিত্য সভাৰ সাহিত্য পুৰষ্কাৰ সমাৰোহত আমন্ত্ৰন পাই তেওঁ যথেষ্ট সুখী । অসম সাহিত্য সভাই আমন্ত্ৰন জনোৱা বাবে তেওঁলোকৰ ওচৰত চিৰ কৃতজ্ঞ বুলি কয় ৰাজ্যপাল গৰাকীয়ে ।এক সংবাদ মেলৰ জৰিয়তে তেওঁ কয় যে অসমীয়া ভাষা আৰু সাহিত্যৰ প্ৰগতিৰ বাবে সভাই যথেষ্ট কাম কৰিছে । এই ক্ষেত্ৰত সভাৰ শলাগ লৈ ৰাজ্যপাল গৰাকীয়ে অসম সাহিত্য সভাৰ যথেষ্ট প্ৰশংসা কৰে । তেওঁ কয় যে অসম সাহিত্য সভা এতি শক্তিশালী সংগঠন । লগতে কয় যে পশ্চিম বংগত এনেকুৱা সংগঠন নাই । এনেকুৱা সংগঠন থাকিলে বাংলা ভাষা সাহিত্য ও যথেষ্ট খিনি আগবঢ়িল হয় । তেওঁ কয় যে অসম সাহিত্য সভাৰ লেখিয়া পশ্চিম বংগতো এনেকুৱা সংগঠন থাকিব লাগে ।

অন্য খবৰৰ বাবে পঢ়ক: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেবৰ বিৰুদ্ধে গন বিক্ষোভ সমদল

ভিডিঅ প্ৰতক্ষ্য কৰক: Dokmoka Mob Lynching: Abhi-Neel case awaits justice after 1 ½ years

Next Story
চাকৰি