গহপুৰত এজন কিশোৰে নৈত ২ কিঃমিঃ সাঁতুৰি উদ্ধাৰ কৰিলে হৰিণা
কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ দিশৰ পৰা হেলেম নদীত উটি আহিছিল পহুটো। এই দৃশ্য প্ৰত্যক্ষ কৰি কাকুমণিয়ে নৈত জাঁপ দিয়ে।

ভৰ বাৰিষাৰ ফেনে-ফুটুকাৰে বাঢ়ি অহা নৈ ! এনে এখন নৈত সাঁতুৰি এজন ১৪ বছৰীয়া কিশোৰে উদ্ধাৰ কৰিলে এটা ডুবিবলৈ ধৰা এটা আহত হৰিণা। কিশোৰজন সাহসিকতাই বহুতকে স্তম্ভিত কৰাৰ লগতে বহুতে তেওঁক ভূয়সী প্ৰশংসা কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি নদীত সাঁতুৰি গহপুৰৰ কাকুমণি নামৰ কিশোৰজনে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল গুৰুতৰভাৱে আহত এটা হৰিণক। গহপুৰৰ তেলৰচুঙাবাৰীৰ ১৪ বছৰীয়া কিশোৰ কাকুমণিয়ে নৈত প্ৰায় ২ কিলোমিটাৰ সাঁতুৰি উদ্ধাৰ কৰিলে হৰিণটোক। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ দিশৰ পৰা হেলেম নদীত উটি আহিছিল পহুটো। এই দৃশ্য প্ৰত্যক্ষ কৰি কাকুমণিয়ে নৈত জাঁপ দিয়ে। তেওঁ প্ৰথমে নাৱেৰে নদীৰ মাজলৈ আগুৱাই যায় যদিও পিছত প্ৰায় দুই কিলোমিটাৰ দূৰত্ব সাঁতুৰিহে পহুটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
কিশোৰজনে পাছত বন বিভাগক খবৰ দিয়ে। সেই অনুসৰি বন বিভাগৰ লোক উপস্থিত হৈ হৰিণাটো চিকিৎসাৰ বাবে লৈ যায়। গুৰুতৰভাৱে আহত পহুটোৰ মুখ আৰু দেহৰ কেতবোৰ অংশৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হৈছিল।
আৰু পঢ়িব পাৰেঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৬,৭৭২লৈ বৃদ্ধি