Begin typing your search above and press return to search.

অনলাইনত ধনৰ লেনদেন কৰোঁতে সাৱধানঃ সৰ্থেবাৰীৰ মহিলাই হেৰুৱালে ধন

তেওঁ গুগল পে'ৰ কাষ্ট’মাৰ কেয়াৰৰ ফোন নম্বৰত ফোন কৰি অভিযোগ দিয়ে।

অনলাইনত ধনৰ লেনদেন কৰোঁতে সাৱধানঃ সৰ্থেবাৰীৰ মহিলাই হেৰুৱালে ধন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 July 2020 12:28 PM GMT

ক'ৰ'না মহামাৰীৰ সংক্ৰমণৰ ভয়ত বহুতে অনলাইনত ধনৰ লেনদেন কৰিবলৈ লৈছে। আপুনিও এনে এজন ব্যক্তি হ'ব পাৰে। কিন্তু সাৱধান। প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিহে অনলাইনত দনৰ লেনদেন কৰক। অন্যথা কোনো প্ৰৱঞ্চক হেকাৰৰ কবলতো আপুনি পৰিব পাৰে।শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি এইবাৰ হেকাৰৰ নতুন কৌশল গুগল পে'ৰ সহায়ত আপোনাৰ কষ্টোপাৰ্জিত সমস্ত জমা ধন বেংক একাউণ্টৰ পৰা সৰকাই নিয়া৷

এনে এক ঘটনা সংঘটিত হৈছে সৰ্থেবাৰীৰ এগৰাকী মহিলাৰ ক্ষেত্ৰত। মহিলাগৰাকীৰ পৰা হেকাৰে ৭০ হাজাৰ টকা লুটি লৈ গৈছে। মহিলাগৰাকীৰ নাম বিজু ৰাণী বৰ্মণ। ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ কৰা অনুসৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ক'ৰ'না ৰোগীৰ চিকিৎসাত ব্ৰতী হৈ থকা চিকিৎসক স্বামীলৈ তেওঁ গুগল পে' যোগে প্ৰেৰণ কৰিছিল ৭ হাজাৰ টকা। কিন্তু বেংক একাউণ্টৰ পৰা ১৪ হাজাৰ টকা কাটি লৈ যায় গুগল পে'ই৷

পাছত তেওঁ গুগল পে'ৰ কাষ্ট'মাৰ কেয়াৰৰ ফোন নম্বৰত ফোন কৰি অভিযোগ দিয়ে। মহিলাগৰাকীয়ে ফোন কৰি গুগল পে'ত অভিযোগ দিয়াৰ পিছতে তেওঁৰ পৰা একাউণ্টৰ সকলো তথ্য সংগ্ৰহ কৰি মহিলাগৰাকীৰ পৰা সৰকাই নিয়ে ৭১ হাজাৰ টকা। এই ঘটনাৰ পিছতে মহিলাগৰাকীয়ে ইতিমধ্যে ষ্টেট বেংকৰ সৰ্থেবাৰী শাখাত অভিযোগ দাখিল কৰাৰ লগতে সৰ্থেবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে৷

আৰু পঢ়িব পাৰেঃ সুস্থ হ'লঃ হাস্পতালৰ পৰা অব্যাহতি ক'ৰ'নাত আক্ৰান্ত আজমলক

Next Story
চাকৰি