Begin typing your search above and press return to search.

হাইলাকান্দিত কৰ্তব্যৰ মাজতে জ্ঞান হেৰুৱাই বাগৰি পৰিল স্বাস্থ্যকৰ্মী

ক’ভিড কেয়াৰ চেন্টাৰলৈ গৈ থকা অৱস্থাত আধাপথতে চালক চালক মাঝাৰভুইয়া হঠাৎ অসুস্থ হৈ পৰে।

হাইলাকান্দিত কৰ্তব্যৰ মাজতে জ্ঞান হেৰুৱাই বাগৰি পৰিল স্বাস্থ্যকৰ্মী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Aug 2020 8:16 AM GMT

কৰ্তব্যৰ মাজতে জ্ঞান হেৰুৱাই ঢলি পৰিল এগৰাকী ক'ৰ'না যোদ্ধা। প্ৰাপ্ত তথ্য অনুসৰি এগৰাকী ক'ৰ'না আক্ৰান্তক ঘৰৰ পৰা হাস্পতাললৈ নিয়াৰ পথত ঘটনাটো সংঘটিত হয়। ঘটনাৰ স্থান হাইলাকান্দি চহৰ। ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ ৰক্ষা পাবলৈ পৰিধান কৰা পি পি ই কিট পিন্ধি কৰ্তব্য পালন কৰি থকা অৱস্থাত জ্ঞান হেৰুৱায় এই স্বাস্থ্য কৰ্মীজনে। স্বাস্থ্যকৰ্মীজন ১০৮ৰ চালক ছৰিফ উদ্দিন মাঝাৰভূঞা।

শুকুৰবাৰে হাইলাকান্দি চহৰত ৰেপিড এন্টিজেন টেষ্টত পজিটিভ চিনাক্ত হোৱা এজন ৰোগীক জিলাখনৰ মণিপুৰ মডেল হাইস্কুলত নিৰ্মিত ক'ভিড কেয়াৰ চেন্টাৰলৈ লৈ যাবলৈ আহে এখন ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স।

কোনো কাৰণত ক'ৰ'না ৰোগীজনে ঘৰৰ পৰা ওলাই অহাত পলম কৰাৰ বাবে তিনি ঘন্টামান পিপিই কিট পিন্ধি থাকিবলগা হৈছিল এম্বুলেন্সৰ চালকজনে। ক'ভিড কেয়াৰ চেন্টাৰলৈ গৈ থকা অৱস্থাত আধাপথতে চালক চালক মাঝাৰভুইয়া হঠাৎ অসুস্থ হৈ পৰে।

পিপিই কিট পিন্ধি থকা এম্বুলেন্সৰ আন কর্মীয়ে অসুস্থ চালকজনক পথৰ দাঁতিত চেলাইন লগাই তেওঁৰ প্রাথমিক চিকিৎসা আৰম্ভ কৰে। পাছত তেওঁক হাইলাকান্দিৰ এছ কে ৰায় অসামৰিক হাসপাতালত ভর্তি কৰোৱা হয়। সম্প্ৰতি তেওঁৰ অৱস্থা সুস্থ।

আৰু পঢ়িব পাৰেঃ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়নৰ বাবে ৪০ জনীয়া সমিতি গঠন ৰাজ্য চৰকাৰৰ

Next Story
চাকৰি