উলহ মালহেৰে উদযাপন কৰম উৎসৱ

উলহ মালহেৰে উদযাপন কৰম উৎসৱ
Published on

ডুমডুমাৰ লাইনা চাহ বাগিছাত নৱম বাৰ্ষিক ৰাজহুৱা কৰম উৎসৱ পালন কৰা হয় | দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় কৰম উৎসৱ। কৰম উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন উৎসৱ পালন কৰা হয় ৷ আৰু বিভিন্ন প্ৰতিযোগিতাৰে উদযাপন কৰা হয় কৰম উৎসৱ। ইফালে, কৰম পূজাৰ থলীত চাহ জনগোষ্ঠীৰ লোক সংস্কৃতিৰ প্ৰদৰ্শন কৰি সমাজত এক আদৰ্শময় পৰিবেশ সৃষ্টি কৰাৰ প্ৰচেষ্টা কৰাৰ প্ৰয়াস কৰম পূজা উদযাপন সমিতিৰ ৷

কৰম পূজা থলীত বিভিন্ন প্ৰতিযোগিতা লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এক বটাঁ বিতৰণী সভাও । লাইনা ৰাজহুৱা কৰম পূজাৰ উদযাপন সমিতিৰ সভাপতি প্ৰকাশ বাৰুৱা পোৰহিত বিশিষ্ট অতিথি হিচাপে আসন গ্ৰহণ কৰে। লগতে নাট্যকাৰ মেটেকা মুৰ্মু, সাংবাদিক নোৱান্তিক ওৰাওঁ , আছুৰ তিনিচুকীয়া জিলাৰ সহকাৰী সম্পাদক পুহেশ্বৰ সোনোৱালকে কেইবাগৰাকী বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে এই কৰম উৎসৱত ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Frozen Planet inaugurated in Guwahati | The Sentinel News | Assam News

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com