নতুন বড়ো কথা ছবি "গৌথাৰ"ৰ মুক্তি লাভ

নতুন বড়ো কথা ছবি "গৌথাৰ"ৰ মুক্তি লাভ

নতুন বড়ো কথাছবি "গৌথাৰ"ৰ মুক্তি লাভ । আৰ বি ফিল্ম প্ৰডাকশ্যন (R.B.film production ) , কোকৰাঝাৰ ৰ দ্বাৰা নিবেদিত ৪ নং বড়ো কথাছবি "গৌথাৰ" এ শনিবাৰে ৰামফালবিলত মুক্তি লাভ কৰে। ছবিখনৰ প্ৰিমিয়াৰ শ্ব' আৰ এন ব্ৰহ্ম মেমোৰিয়েল ফিল্ড ( R N Brahma memorial fiela) ত দেখুওৱা হয় ।

ৰামপালবিল উদ্বোধন কৰে বিধায়ক ৰবিৰাম নাৰ্জাৰী, লগত থাকে ছবি খনৰ নিৰ্মাতা আৰু আন লোক সকল । সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে য'ত ছবি খনৰ অভিনেতা অভিনেত্ৰী হেলিনা, ফুজি ,ছূখবিৰ ,দিয়া , থাকলাই আদিয়ে অংশগ্ৰহণ কৰে। স্হানীয় বিধায়ক ৰবীৰাম নাৰ্জাৰীয়ে দৰ্শক সকলক সম্বোধন কৰি কয় যে , ফিল্ম উদ্যোগ এটা অতি গুৰুত্বপূৰ্ণ মাধ্যম যিয়ে নৱ প্ৰজন্মৰ সংস্হাপনৰ পথ মুকলি কৰে। তেওঁ কয় যে , আৰ বি ফিল্ম প্ৰডাকশ্যন এই ফিল্ম উদ্যোগৰ বিকাশত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াইছে, ফিল্ম নিৰ্মাণ কাৰ্যত আধুনিক আৰু নতুন কৌশল আনিব চেষ্টা কৰিছে ।

লগতে তেওঁ কয় যে, এখন ছবিয়ে এখন সমাজৰ সাংস্কৃতিক আৰু পৰম্পৰাক প্ৰতিবিম্বিত কৰে । নাৰ্জাৰীয়ে BTC ( The bodoland territorial council ) অঞ্চলত ফিল্ম উদ্যোগৰ উত্থানৰ বাবে গুৰুত্ব দিয়াৰ কথা কৈছে। তেওঁ লগতে আশা কৰে যে নতুন ছবিয়ে প্ৰমান কৰিব বৃহৎ সফলতাৰ ।

ছবিখনৰ নিৰ্মাতা , ৰিয়া ব্ৰহ্ম ই কয় যে , প্ৰিমিয়াৰ শ্ব'ত য়েই ১০০ তকৈ অধিক লোক দেখি তেওঁ খুবেই আনন্দিত। লগতে তেওঁ কয় যে এইখন তেওঁৰ চাৰি নম্বৰ ছবি ।

ইয়াৰ পূৰ্বে ও তেওঁ ছবি নিৰ্মাণ কৰিছে । তেওঁ সুখী তেওঁৰ সফলতা লৈ । তেওঁ আশা কৰে যে, সেই অঞ্চলৰ লোকসকল আৰু চিনেমা প্ৰেমী লোকসকলে তেওঁৰ চেষ্টা প্ৰচেষ্টাৰ সলাগ ল'ব । ছবিখনত অভিনয় কৰা মুখ্য অভিনেতা অভিনেত্ৰী কেইগৰাকী হল লিংচাৰ , ছুকবিৰ , পূজা ,ৰিয়া ,টাকলাই , ৰাজশ্ৰী , আৰৈথ্য আৰু পোজাখাং ।

ছবিখনৰ কাহিনী ৰচনা কৰিছে পনকোচ লাহৰি আৰু পৰিচালনা কৰিছে ৰাজা নাৰ্জাৰীয়ে । প্ৰিমিয়াৰ শ্ব'ত ( primer show ) উপস্থিত থাকে BTC( the bodoland territorial council ) ৰ MCLA জতিৰিন্দ্ৰ ব্ৰহ্ম , চিৰাং ৰ DC ( deputy commissioner) জি তালুকদাৰ , কোকৰাঝাৰৰ SP ( superintendent of police ) ৰাজেন সিং আৰু additional SP ৰোজী ৰানী শৰ্মা আৰু বহুতো।

ভিডিঅ প্ৰতক্ষ্য কৰক:Man choked his wife to death, Later commits suicide

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com