ITFAA ৰ ব্ৰেণ্ড এম্বেচাদৰ বৰষা ৰানী বিষয়া

ITFAA ৰ ব্ৰেণ্ড এম্বেচাদৰ বৰষা ৰানী বিষয়া

ITFAA ৰ ব্ৰেণ্ড এম্বেচাদৰ বৰষা ৰানী বিষয়া । অসমত প্ৰথম বাৰৰ বাবে, ২৬ তম আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বানিজ্যক মেলা ( The 26th international guwahati trade Fair )ত অসমৰ প্ৰসিদ্ধ , জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ব্ৰেণ্ড এম্বেচাদৰ হিচাপে সহযোগ কৰিব ।

ইয়াৰ পূৰ্বে , কোনো ধৰনৰ বানিজ্যিক প্ৰদৰ্শনীত অসমৰ ছবি জগত বা ফ্লিল্ম জগতৰ কোনো অভিনেত্ৰা অভিনেত্ৰীয়ে ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি লাভ কৰা নাছিল ‌। বৰষা ৰানী বিষয়া অসমীয়া ছবি জগতত আৰু থিয়েটাৰ জগতৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী ।

Industries and trade Fair association of assam ( ITFAA ) বানিজ্য মেলা খন আয়োজন কৰিছে । ITFAA ৰ লগত সহযোগ কৰিছে জয়া কমিউনিকেশ্বন ( joya communication ), আৰু NSCI য়ে । চেপ্তেম্বৰ ২৭ তাৰিখৰ পৰা অক্টোবৰ ১৪ তাৰিখ ২০১৯ লৈ এই বানিজ্য মেলা খন মনিৰাম দেৱান ট্ৰেড চেন্তাৰ ( maniram dewan trade center ) ত অনুষ্ঠিত হ'ব । ভাৰত চৰকাৰে মনিৰাম দেৱান ট্ৰেড চেন্টাৰত হ'বলগীয়া এই বানিজ্য মেলা খনৰ জৰিয়তে গ্ৰাহক বা দৰ্শক খিনিক নতুন পদ্ধতি , সৃজনীশীল আৰু বহুতো নতুন বস্তু দৰ্শকৰ আগত প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব ।

কিছু বছৰ পূৰ্বে , ITFAA এ অসমীয়া ফ্লিল্ম উদ্যেগৰ ওপৰত এটা অনুষ্ঠান আয়োজন কৰিছিল। যাক ৰিনাইচানচি ( RENNAISANCE ) বুলি কোৱা হয় , য'ত পোন প্ৰথমবাৰৰ বাবে অসমীয়া ছবি জগতৰ অভিনেতা অভিনেত্ৰীয়ে মঞ্চত লাইভ প্ৰদৰ্শনী ( live performance ) কৰিছিল । এই অনুষ্ঠানটোৱে সংবাদ মাধ্যমত তীব্ৰ খলকনি তুলিছিল। সংবাদ মাধ্যমৰ শীৰ্ষ স্থান লাভ কৰাৰ লগতে এই অনুষ্ঠানটো নেচনেল টেলিভিছন চেনেল( national television channel )ত পোনপটীয়া সম্প্ৰচাৰন কৰা হৈছিল ।

এই বৰ্ষত গুৱাহাটী বাসীৰ বাবে ITFAA এ এই অনুষ্ঠানটো গুৱাহাটী ত ২৭ চেপ্তেম্বৰ তাৰিখৰ পৰা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে । অনুষ্ঠানটোত থাকিব বিভিন্ন ধৰনৰ আকৰ্ষনীয় অনুষ্ঠান , লগতে বিভিন্ন দেশ বিদেশ‌ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুতো ডাঙৰ কোম্পানীয়ে অংশ গ্ৰহণ কৰিব । এই মেলাত অনুষ্ঠিত হ'ব মেগা ফেশ্বন শ্ব' য'ত মডেল সকল আহিব সুদুৰ মুম্বাইৰ পৰা । লগতে হ'ব ৰন্ধন প্ৰতিযোগিতা । বিজয়ী লৈ আগবঢ়োৱা হ'ব ১.৭৫ লাখ টকা । আন্তঃৰাষ্ট্ৰীয় ফুড ফেষ্টিভেল ত দেশ বিদেশৰ বিভিন্ন ঠাই যেনে আফগানিস্তান , বাংলাদেশ আৰু দেশৰ বিভিন্ন ঠাইৰ অংশগ্ৰহণ কাৰী সকলে অংশগ্ৰহণ কৰিব । বিভিন্ন ধৰণৰ মুগলাই খাদ্যৰ জুতি ল'ব পাৰিব দৰ্শক সকলে। খাদ্য প্ৰেমী সকলৰ বাবে এয়া এক আকৰ্ষণীয় খবৰ ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Zubeen Garg’s mesmerizes fans at Golden Jubilee Celebration in Borbhag Collge

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com