মহানগৰীত স্বাস্থ্য সংস্থা আৰু অটল অমৃতৰ উদ্যোগত ৱাকাথনৰ কাৰ্যসূচী

মহানগৰীত স্বাস্থ্য সংস্থা আৰু অটল অমৃতৰ উদ্যোগত ৱাকাথনৰ কাৰ্যসূচী

মহানগৰীত স্বাস্থ্য সংস্থা আৰু অটল অমৃতৰ উদ্যোগত আয়োজন কৰা হয় ৱাকাথনৰ কাৰ্যসূচী ৷ আয়ুস্মান ভাৰত পখৱাড়াৰ উদযাপনৰ অংশ হিচাপে স্বাস্থ্য বিভাগৰ ৰাজ্যিক স্বাস্থ্য সংস্থা,অটল অমিত সমিতিৰ উদ্যোগত গুৱাহাটীত আয়োজন কৰা হয় এই বিশেষ কাৰ্যসূচী ৷ মহানগৰীৰ নেহেৰু ষ্টেডিয়ামৰ পৰা দীঘলী পুখুৰী পাৰলৈ এক ৱাকাথন অথবা প্ৰভাত ফেৰীৰ আয়োজন কৰা হয় ।

এই উপলক্ষে নেহেৰু ষ্টেডিয়ামত আয়োজিত এক অনুষ্ঠানত অসম চৰকাৰৰ মুখ্য সচিব আলোক কুমাৰে এই ৱাকাথন প্ৰভাতফেৰী পতাকাৰে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে। আৰু মুখ্য সচিব আলোক কুমাৰ স্বাস্থ্য খণ্ডৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ সন্দৰ্ভত মন্তব্য কৰে । লগতে স্বাস্থ্যৰ উন্নয়ণৰ বাবে চৰকাৰে গ্ৰহণ কৰা আয়ুষ্মান ভাৰত,প্ৰধানমন্ত্ৰী জন আৰোগ্য আঁচনি,অটল অমিত আঁচনিৰ সন্দৰ্ভত জনসাধাৰণৰ মাজত চৰ্চা কৰে।

যাতে চৰকাৰৰ এই অভিলাষী আঁচনিসমূহ জনসাধাৰণৰ মাজত প্ৰচাৰিত হয় । আনহাতে আজিৰ এই অনুষ্ঠানত মুখ্য সচিব আলোক কুমাৰৰ উপৰিও স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিংহা,স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব তথা ৰাজ্যিক অটল অমিত অভিযান সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া মনালিছা গোস্বামী,কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু,গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ উপস্থিত থাকে।

লগতে অটল অমৃত অভিযানৰ ৰাষ্ট্ৰীয় সমিতিৰ উপ কাৰ্যবাহী বিষয়া প্ৰদীপ গেদাম,ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অসমৰ সঞ্চালক জে ভি এন সুব্ৰনিয়াম,কামৰূপ মহানগৰ জিলাৰ জিলা উন্নয়ণ আয়ুক্ত অতুল শৰ্মাৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াসকল আৰু বহু ছাত্ৰ ছাত্ৰী উপস্থিত আছিল ৷

ভিডিঅ প্ৰতক্ষ্য কৰক: Commissioner of Police Deepak Kumar on Kumarpara Murder Incident

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com