Begin typing your search above and press return to search.

আৱৰ্জনাৰ নামত গুৱাহাটী পৌৰ নিগমৰ ২,৮৪,১৮০ টকা জৰিমনা আদায়

আৱৰ্জনাৰ নামত গুৱাহাটী পৌৰ নিগমৰ  ২,৮৪,১৮০ টকা জৰিমনা আদায়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Sep 2019 8:15 AM GMT

আৱৰ্জনাৰ নামত গুৱাহাটী পৌৰ নিগমে আগষ্ট মাহত ২,৮৪,১৮০ টকা জৰিমনা আৰ্জন কৰিছে। মহানগৰীৰ পৰিবেশ অস্বাস্থ্যকৰ হিছাপে গঢ়ি তোলা লোকসকলক শাস্তি হিছাপে জৰিমনা পৰিশোধ কৰোৱাৰ সিদ্ধান্ত লৈছিল গুৱাহাটী পৌৰ নিগমে ৷এই ক্ষেত্ৰত দেৱেশ্বৰ মালাকৰ ইতিমধ্যে ৫০ জন ব্যক্তিক ১০০ টকাকৈ আৰু ১৪ জনক ৫০০ টকাকৈ পুৰস্কৃত কৰিছে ৷

মহানগৰীক সুন্দৰ,সুস্বাস্থ্যকৰ কৰি তোলাত সহায় কৰা লোকসকলক এই পুৰস্কাৰ প্ৰদান কৰিছে গুৱাহাটী পৌৰ নিগমে ৷ উল্লেখ্য যে মহানগৰীত যিসকল লোকে যি কোনো ঠাইত, যি কোনো সময়ত আবৰ্জনা বা বিভিন্ন ধৰণৰ বস্তু পেলাই পৰিবেশ দূষিত কৰে, সেই লোকসকলৰ বিষয়ে গুৱাহাটী পৌৰ নিগমে পুৰস্কৃত কৰা লোকসকলে অৱগত কৰিছিল ৷

ইফালে মহানগৰীত য’তে ত’তে বিভিন্ন মাদক দ্ৰব্য খাই পিকোৱাঁ মানুহৰ অভাৱ নাই। এনে ধৰণৰ পৰিবেশৰ পৰা মহানগৰ খনে কেতিয়া সকাহ পাব সেয়াহে উল্লেখ্য। যিকোনো সাৰ্বজনিক স্থান অৰ্থাৎ জনসাধাৰণে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা স্থানসমূহত পিক পেলোৱা লোকসকলে জৰিমনা হিছাপে পৰিশোধ কৰিব ৫০০ টকা। ইয়াৰ উপৰিও পথৰ কাষত আবৰ্জনা পেলোৱা লোকসকলে ২০০০ টকাৰ পৰা ২৫০০ টকা জৰিমনা দিব লাগিব।

গতিকে চহৰখনত স্বচ্ছ অভিযানৰ কাৰণে গুৱাহাটী পৌৰ নিগমে জুলাইৰ ২৫ ৰ পৰা ছেপ্তেম্বৰ ৩০ তাৰিখলৈকে ৪৯,১৮০ টকা জৰিমনা আদায় কৰিছে ৷গুৱাহাটী পৌৰ নিগমৰ নতুন নিয়ম অনুসৰি সকলো নতুন প্ৰতিষ্ঠানত আৱৰ্জনাৰ পৰা পৰিত্ৰাণ পাবলৈ আন উপায় বিচাৰিব লাগিব। যদি এই প্ৰতিষ্ঠানসমূহে কোনো পদক্ষেপ নলয় তেন্তে তেওঁলোকৰ লাইচেন্স বাতিল কৰিব লাগিব।

এক বিশেষ সূত্ৰৰ মত অনুসৰি কিছুমান দোকান, হোটেলত অথবা প্ৰতিষ্ঠানত শুকান আৰু ভিজা আৱৰ্জনাৰ কাৰণে পৃথক ব্যৱস্থা কৰা নাই অথবা পথৰ দাঁতিত আৱৰ্জনাৰ বেগসমূহ ৰাখে তেওঁলোকে অধিক জৰিমনা ভৰিব লাগিব ৷গতিকে আৱৰ্জনা অথবা মাদক দ্ৰব্য খাই য’তে ত’তে পিকোৱাসকলৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ পিছত জনসাধাৰণ কেনে ধৰণে সজাগ হয় সেয়াহে হ’ব লক্ষ্যনীয় ৷

বৰ্জনীয় পদাৰ্থ বা পেলনীয়া সমগ্ৰী সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে গুৱাহাটী পৌৰ নিগমে গুৱাহাটীৰ বিভিন্ন বিদ্যালয় সমূহত এক সজাগতা অভিযান কাৰ্য্যসূচী আৰম্ভ কৰি আহিছে। গুৱাহাটী পৌৰ নিগমে পেলনীয় সামগ্ৰী সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে আই লাভ গুৱাহাটী শীৰ্ষক এক অভিযান মুকলি কৰিছে। পূৰ্বেও কটন কলেজিয়েট, হেপী চাইল্ড হাই স্কুল, ডন বস্কো হাইস্কুল আৰু গুৰুকুলতো এনেধৰণৰ কাৰ্য্যসূচী ৰূপায়ন কৰা হৈছিল।

অধিক খবৰৰ বাবে পঢ়ক: বৰষুণৰ পানী আৰু জাবৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমৰ এক বিশেষ পদক্ষেপ

ভিডিঅ প্ৰতক্ষ্য কৰক:Commissioner of Police Deepak Kumar on Kumarpara Murder Incident

Next Story
চাকৰি