Begin typing your search above and press return to search.

বৰষুণৰ পানী আৰু জাবৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমৰ এক বিশেষ পদক্ষেপ

বৰষুণৰ পানী আৰু জাবৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমৰ এক বিশেষ পদক্ষেপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Sep 2019 1:53 PM GMT

গুৱাহাটী পৌৰ নিগমৰ এক বিশেষ সিদ্ধান্ত ৷ গুৱাহাটীৰ উজান বজাৰস্থিত কাৰ্যালয়ত পৌৰ নিগমৰ আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন সভাত গৃহ নিৰ্মাণৰ ক্ষেত্ৰত বৰষুণৰ পানী আৰু জাবৰ সংৰক্ষণ ব্যৱস্থাকে ধৰি আন বহু নতুন নীতি নিৰ্দেশনা সংযোজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে ৷ এই পদক্ষেপ তথা সিদ্ধান্তসমূহৰ ভিতৰত আছে নতুন গৃহ নিৰ্মাণ কৰাৰ সময়ত স্থপতি বিদ,বিল্ডাৰে বৰষুণৰ পানী আৰু জাবৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব।

এই সমগ্ৰ বিষয়টো তদাৰক কৰিব এটা বিশেষ গোটে ৷ লগতে বৰষুণৰ পানী আৰু জাবৰ সংৰক্ষণৰ ব্যৱস্থা কৰা প্ৰথম তিনিজন ব্যক্তিক গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা পুৰস্কৃত কৰাৰ এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে। আনহাতে পৌৰ নিগমৰ উজান বজাৰৰ কাৰ্যালয়ক বৰষুণৰ পানী সংৰক্ষণ কৰাৰ আৰ্হি হিছাপে নিৰ্মাণ কৰা হ’ব।

উল্লেখ্য যে গৃহ নিৰ্মাণৰ লগত সংগতি ৰাখি বৰষূণৰ পানী সংৰক্ষণৰ ব্যয়ৰ পৰিমাণ হ্ৰাস হোৱা আৰ্হি প্ৰস্তুতৰ কাৰণে চৰকাৰী পৰিকল্পক,গুৱাহাটী পৌৰ নিগম,নগৰ পৰিকল্পক,গুৱাহাটী মহানগৰ উন্নয়ণ কৰ্তৃপক্ষ আৰু মাণ্ডলিক অভিযন্তা আদি উৰ্ধ্বতন কৰ্তৃপক্ষৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ’ব ৷

লগতে মহানগৰীত থকা পৰিত্যক্ত নলাসমূহৰ চাৰ্ভেৰ বাবে এৰিডাক দায়িত্ব দিয়া হয়। ইফালে গুৱাহাটী পৌৰ নিগমৰ সভাত খনত উপস্থিত থাকে চেভ গুৱাহাটী বিল্ড গুৱাহাটীৰ কৈলাশ শৰ্মা,এচোচিয়েশ্যনৰ অফ আৰ্কিটেক্টচ অসমৰ সভাপতি শ্ৰী প্ৰকাশ শান্দিল্যা,ইণ্ডিয়ান ইনষ্টিটিউড অফ আৰ্কিটেক্টচ অসমৰ সভাপতি ৰমেন্দ্ৰ বৈশ্য,এৰিডাৰ সভাপতি প্ৰণৱ কুমাৰ শৰ্মা আদি।

অন্য খবৰৰ বাবে পঢ়ক: প্লাষ্টিক বৰ্জন কৰি সুস্থ পৰিবেশ গঢ়াৰ আহ্বান ইউজিচিৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:Bir Lachit Sena in Doomdooma staged 2-hr sit in demonstration | The Sentinel News

Next Story
চাকৰি