প্লাষ্টিক বৰ্জন কৰি সুস্থ পৰিবেশ গঢ়াৰ আহ্বান ইউজিচিৰ

প্লাষ্টিক বৰ্জন কৰি সুস্থ পৰিবেশ গঢ়াৰ আহ্বান ইউজিচিৰ

অসমৰ বিশ্ববিদ্যালয়ৰ চৌহদত প্লাষ্টিক বৰ্জন কৰা ইউজিচিৰ আদেশ পালন কৰিব পাৰিবনে?অৱশ্যে ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহে এই আদেশ পালন কৰিবলৈ সাজু আছে ৷ কিন্তু এতিয়াও সকলো স্থানত প্লাষ্টিক বৰ্জন কৰিবলৈ কোনো সিদ্ধান্ত হাতত লোৱা নাই। এই ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন জেষ্ঠ্য চিকিৎসকে কয় যে যেতিয়ালৈকে আমি ইয়াৰ বিপৰীত ব্যৱস্থা কৰিব নোৱাৰো ৷তেতিয়ালৈকে আমি প্লাষ্টিকৰ ব্যৱহাৰত প্ৰতিবন্ধকতা আৰোপ কৰিব নোৱাৰো।

আমাৰ চৌপাশে সম্প্ৰতি প্লাষ্টিকৰ ব্যৱহাৰ কৰি থকা হৈছে। গুৱাহাটী বিশ্বাবিদ্যালয়ৰ প্ৰশাসনৰ লগত জৰিত এজন বিষয়াৰ মত অনুসৰি আমি ইউজিচিৰ আদেশ পালন কৰিম। তেজপুৰ বিশ্ববিদ্যিলয়,ডিব্ৰুগড় বিশ্ববিদ্যালয়তো প্লাষ্টিক বৰ্জনৰ সন্দৰ্ভত আলোচনা কৰি থকা হৈছে। লগতে ব্যক্তিগত বিশ্ববিদ্যালয়সমূহতো ইয়াৰ বিষয়ে চিন্তা কৰি থকা হৈছে ৷

ইউজিচিৰ অনুসৰি বিশ্ববিদ্যালয়সমূহত প্লাষ্টিক ব্যৱহাৰত প্ৰতিবন্ধকতা লগোৱাৰ উপৰিও ইয়াৰ বিকল্প হিছাপে আন উপায়ৰ ব্যৱস্থা কৰিব লাগে ৷আৰু কলেজ কেন্টিন,হোষ্টেল,বজাৰ কৰা বিভিন্ন স্থানসমূহতো প্লাষ্টিকৰ ব্যৱহাৰত প্ৰতিবন্ধকতা আৰোপ কৰিব লাগে। প্লাষ্টিক ব্যৱহাৰৰ ফলত হোৱা বিভিন্ন নেতিবাচক দিশ লগতে আমাৰ পৰিবেশৰ ওপৰত প্লাষ্টিকৰ প্ৰভাৱ আদিৰ বিষয়ে জাগৰণ কঢ়িয়াই আনিব লাগে ।

ইফালে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন লোকৰ ঘৰত গৈ প্লাষ্টিক আমাৰ কাৰণে কিমান ক্ষতিকাৰক ইত্যাদিৰ বিষয়েও লোক সকলৰ ঘৰত গৈ জনাব লাগে। উল্লেখ্য চে ইউজিচিয়ে আমাৰ চাৰিওফালৰ পৰিবেশ যাতে সুস্থ সবল হৈ থাকে তাৰ কাৰণে প্লাষ্টিক মুক্ত এটি পৰিবেশ গঢ়ি তুলিব বিচাৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com