Begin typing your search above and press return to search.

জুনিয়ৰ কলেজৰ ক্ষেত্ৰত পদক্ষেপ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ

জুনিয়ৰ কলেজৰ ক্ষেত্ৰত পদক্ষেপ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Sep 2019 4:44 AM GMT

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদদে ৰাজ্যত চলি থকা জুনিয়ৰ মহাবিদ্যালয় সমূহৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ সিদ্ধান্ত লৈছে ৷পৰিষদে এখন কমিটী গঠন কৰিছে ।সোমবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঞিয়ে এখন সংবাদমেল সম্বোধন কৰি কয় যে এক বিশেষ তথ্য অনুসৰি ৰাজ্যত কিছু জুনিয়ৰ মহাবিদ্যালয় বিনা অনুমতি অবিহনে চলি আছে৷

গতিকে আমি এই বিষয়টোৰ তদন্তৰ কাৰণে এখন কমিটী গঠন কৰিছো৷ইফালে বিকল্প বিষয় হিচাপে ইংৰাজী ভাষাটো থাকিব নে নাথাকিব ৷ সেই বিষয়েও ইতিমধ্যে চিন্তা কৰি থকা হৈছে বুলি মন্তব্য কৰে দয়ানন্দ বৰগোহাঞিয়ে ৷কাৰণ সাধাৰণ ইংৰাজী সকলো ছাত্ৰৰ কাৰণে অনিবাৰ্য বিষয়৷ ইফালে কিছুমান ছাত্ৰই আধুনিক ভাৰতীয় ভাষাৰ পৰিৱৰ্তে ইংৰাজী ভাষা লয় ৷

গতিকে আমি এই সন্দৰ্ভে বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰিম৷ এই আলোচনাত থাকিব অসম সাহিত্য সভা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগতে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক ৷আনহাতে মহাবিদ্যালয়সমূহত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ ৫০০০ হস্তাক্ষৰ একত্ৰিত কৰিব কমিটীয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক:অসম চৰকাৰে বৈষম্য আঁতৰাই শিক্ষানুষ্ঠানত সমান মাচুলৰ ব্যবস্থা কৰিছে

ভিডিঅ প্ৰতক্ষ্য কৰক:NEDA Convener Himanta Biswa Sarma addresses Media | The Sentinel News | Assam News

Next Story
চাকৰি