Begin typing your search above and press return to search.

ব্ৰহ্মপুত্ৰত ডুবাৰ পৰা তিনি কিশোৰৰ প্ৰাণৰক্ষা কৰিলে কাজিৰঙাৰ বনৰক্ষীয়ে

অপাৰেটৰজনে তিনিওকে অগৰাতলি বনাঞ্চলত ভৰা ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা উদ্ধাৰ কৰে।

ব্ৰহ্মপুত্ৰত ডুবাৰ পৰা তিনি কিশোৰৰ প্ৰাণৰক্ষা কৰিলে কাজিৰঙাৰ বনৰক্ষীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 July 2020 2:48 PM GMT

ব্ৰহ্মপুত্ৰত ডুবিবলৈ ধৰা তিনিজন কিশোৰৰ প্ৰাণৰক্ষা কৰিলে কাজিৰঙাৰ এজন বনৰক্ষীয়ে। ব্ৰহ্মপুত্ৰৰ পৰা কিশোৰ তিনিজনৰ প্ৰাণৰক্ষা কৰে বনৰক্ষীয়ে। এই কথা সদৰী কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাই কয় যে স্পীডবোটৰ অপাৰেটৰ বলিন বৰাই যোৱা ১৯ মে'ত কিশোৰ কেইজনৰ প্ৰাণৰক্ষা কৰে। সেই সময়ত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ আছিল।কিশোৰকেইজনক বাঢ়নী পানীয়ে বিশ্বনাথৰ পৰা উটুৱাই আনিছিল। তেওঁলোক পাৰত ৰৈ থকাৰ সময়ত তিনিওকে বাঢ়নী পানীয়ে উটুৱাই আনে।

পাছত স্পীডবোট অপাৰেটৰজনে তিনিওকে অগৰাতলি বনাঞ্চলত ভৰা ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা উদ্ধাৰ কৰে। স্পীডবোট অপাৰেটৰ বৰাই তিনিওকে নিজৰ স্পীডবোটত বহাই পাৰলৈ আনে।

আৰু পঢ়িব পাৰেঃ স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ সন্তানক হত্যাৰ ভাবুকি দি গ্ৰেপ্তাৰ প্ৰাক্তন সেনা জোৱান

Next Story
চাকৰি