Begin typing your search above and press return to search.

ক'ৰ'নাত আক্ৰান্ত হ'ল লখিমপুৰৰ বিজেপি যুৱ মৰ্চাৰ সভাপতি

তেওঁ দলীয় কাৰ্যসূচীত অংশ লোৱাৰ পৰিপ্ৰেক্ষিতত বহুসংখ্যক সতীৰ্থ কৰ্মীৰ সংস্পৰ্শলৈ আহিছিল

কৰনাত আক্ৰান্ত হল লখিমপুৰৰ বিজেপি যুৱ মৰ্চাৰ সভাপতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 July 2020 6:43 AM GMT

ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছে লখিমপুৰ জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি ঋতু কুমাৰ দাস। শেহতীয়াভাবে ৰাজ্যৰ বিভিন্ন স্থানৰ দৰে লখিমপুৰ জিলাতো ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। প্ৰাপ্ত তথ্য অনুসৰি স্বাৱ পৰীক্ষা কৰাৰ আগলৈকে বিজেপি নেতাজনে ঘৰে ঘৰে চলাইছিল দলৰ জনসম্পৰ্ক অভিযান। তদুপৰি জিলাখনৰ বানাক্ৰান্তৰ খবৰ ল'বলৈ যোৱাৰ লগতে একাধিক দলীয় সভা আৰু সজাগতামূলক সভাত অংশ লৈছিল যুৱমৰ্চাৰ সভাপতি গৰাকীয়ে৷ ফলত তেওঁৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছতে জিলাখনৰ বিজেপি নেতা-কৰ্মীসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে।

উল্লেখ্য যে অলপতে লখিমপুৰৰ উপায়ুক্ত কাৰ্যালয়ত ক'ৰ'না পজিটিভ ধৰা পৰে। সংস্পৰ্শলৈ অহাৰ সন্দেহত স্বাৱ পৰীক্ষা কৰায় বিজেপি যুৱ মৰ্চাৰ নেতা দাসে। তেওঁ দলীয় কাৰ্যসূচীত অংশ লোৱাৰ পৰিপ্ৰেক্ষিতত বহুসংখ্যক সতীৰ্থ কৰ্মীৰ সংস্পৰ্শলৈ আহিছিল।

আৰু পঢ়িব পাৰেঃ ক'ৰ'নাঃ হাস্পতালৰ পৰা অব্যাহতিৰ পাছত হোম কোৱাৰেণ্টিনত থাকিব লাগিব ৭ দিনঃ স্বাস্থ্য মন্ত্ৰী

Next Story
চাকৰি