গুৱাহাটী ক্লাৱত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সদৌ অসম আইন ছাত্ৰ সন্থাৰ প্ৰতিবাদ

গুৱাহাটী ক্লাৱত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সদৌ অসম আইন ছাত্ৰ সন্থাৰ প্ৰতিবাদ

গুৱাহাটী ক্লাৱত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সদৌ অসম আইন ছাত্ৰ সন্থাৰ প্ৰতিবাদ। বুধবাৰে গুৱাহাটী ক্লাৱত নাগৰিক সমাজৰ সৈতে সদৌ অসম আইন ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । লগতে প্ৰতিবাদ কাৰী সকলে শৃংখল চলিহা, অখিল গগৈ, অমিতাভ শৰ্মা আৰু ধৈৰ্য্য কোঁৱৰৰ মুক্তিৰ দাবী জনায় ।

ছাত্ৰ সংগঠন‌, বিভিন্ন সংগঠনৰ নেতা, বুদ্ধিজীৱী, কলা কুশলীৰ লগতে সকলো ক্ষেত্ৰৰ জনসাধাৰণে এই প্ৰতিবাদত সহযোগ‌ কৰে আৰু কেতিয়াও এই আইন স্বীকাৰ নকৰে বুলি কয়।

এই কাৰ্যসূচীত অসমীয়া অভিনেত্ৰী বৰষা ৰাণী বিষয়াই কয় যে অসমক ভাল পোৱা প্ৰত্যোক জন খিলঞ্জীয়াই জানে যে অসমৰ বাহিৰে অসমীয়াৰ বাবে আন স্থান নাই । সফলতা লাভ নকৰা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব। লগতে তেওঁ কয় যে আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিন। এই দিনটোত সকলোৱে নৱবৰ্ষ উদযাপন কৰাৰ পৰিবৰ্তে ভূমি ৰক্ষাৰ বাবে ওলাই আহিছে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত কাৰাৰুদ্ধ হোৱা সকলক মুক্তিৰ বাবে আহ্বান জনায়। লগতে তেওঁ কয় যে চৰকাৰে এই আন্দোলন বন্ধ কৰিবলে বিভিন্ন পদক্ষেপ লৈছে আৰু চৰকাৰৰ এই পদক্ষেপৰ আমি সকলোৱে বিৰোধিতা কৰিব লাগে বুলি কয় পলাশ চাংমাই।

লগতে চাংমাই কয় যে চৰকাৰে বিভিন্ন আঁচনি তথা জনাজাতী তথা বিভিন্ন সমূদায়ৰ দাবী সমূহ পূৰণ কৰি ৰাজনৈতিক বিভাজনৰ প্ৰয়াস কৰিছে । কিন্তু চৰকাৰ‌ এই ক্ষেত্ৰত বিফল হৈছে।‌ কিয়নো সেই সমূদায়ৰ লোক সকলে ঘোষনা কৰিছে যে কোনো শক্তিয়েই নাগৰিকত্ব সংশোধনী আইনৰ উত্তৰ হ'ব নোৱাৰে। আমি ভুল ৰাজনৈতিক সিদ্ধান্ত গ্ৰহন কৰিছিলো যাৰ ফলত আমাৰ অস্তিত্বৰ বাবে যুঁজিবলৈ আমি ৰাজপথত আহিবলগীয়া হৈছে । বিজেপি চৰকাৰক নিৰ্বাচিত কৰাও এটা ভুল আছিল । কিন্তু এতিয়া জনসাধাৰণ সজাগ হৈছে আৰু এয়া আমি জন সজাগতালৈ ৰূপান্তৰ কৰিব লাগিব। নহলে অসমীয়াৰ অস্তিত্ব ই এক জটিল পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব।

ইয়াৰোপৰি অসম সাহিত্য সভাৰ কাৰ্যলয়ত অসম সাহিত্য সভাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Representatives of Assam Sahitya Sabha stage Black Gag protest against CAA 2019

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com