নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নববৰ্ষৰ প্ৰথম দিনাটোতো ৰাজ্যৰ ছাত্ৰ সমাজে কা বিৰোধী প্ৰতিবাদী কায্যসূচী অব্যাহত ৰখা দেখা গ'ল। প্ৰতিবাদী কায্যসূচীত ছাত্ৰসমাজে অসমৰ মাটি আৰু মানুহৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰি যোৱাৰ সংকল্প লয় । ছাত্ৰ সংগঠন অসম ছাত্ৰ সমাজে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ আৰু প্ৰতিবাদী আন্দোলনত গ্ৰেপ্তাৰ হোৱা প্ৰতিবাদকাৰী সকলক মুকলি কৰি দিয়াৰ দাবীত কটন বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি সকল ক্ৰমে ডিব্ৰুগড় বিশ্ববিদ্যালয় , গুৱাহাটী বিশ্ববিদ্যালয় , তেজপুৰ বিশ্ববিদ্যালয় আৰু অন্যান্য ছাত্ৰ গোটৰ সদস্যই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

কটন বিশ্ববিদ্যালয়ৰ সাধাৰন সম্পাদক ৰাহুল বৰদলৈয়ে মন্তব্য কৰে যে চৰকাৰে ভাবিব নালাগে যে নববৰ্ষৰ আনন্দময় পৰিবেশত নাগৰিকত্ব সংশোধনী আইন বিষয়টো অসমীয়া ৰাইজে পাঁহৰিছে, লগতে চৰকাৰে এইটো সন্দেহটো থাকিব নালাগে যে অসমৰ জনসাধাৰনে চৰকাৰৰ বিভিন্ন প্ৰলোভনত সিদ্ধান্ত সলনি কৰিব ।বৰ্তমান জনসাধাৰন বহুত সজাগ হৈছে আৰ ছাত্ৰ সমাজো অধিক সজাগ হৈছে। গতিকে চৰকাৰে জনসাধাৰনক প্ৰলোভিত কৰাৰ বাবে যিধৰনৰ আচঁনি ঘোষনা কৰিছে প্ৰকৃতিতে সেইসমুহ অসমবাসীৰ অধিকাৰ হয় ।সেইসমুহ কেতিয়াও চৰকাৰী সাহায্য হ'ব নোৱাৰে ।আমাৰ অনুৰোধ জনসাধাৰনে তেওঁলোকৰ অধিকাৰসমুহ গ্ৰহন কৰক আৰু পুনৰ চৰকাৰৰ ভুল সিদ্ধান্ত সমূহৰ বিৰুদ্ধে থিয় দিয়ক । লগতে বৰদলৈয়ে কয় " কটন বিশ্ববিদ্যালয়ৰত চৌহদত নতুন উদ্যমেৰে এইসময়ত প্ৰতিবাদ আৰম্ভ হৈছে । আমি অসমৰ ছাত্ৰ সকলক অনুৰোধ জনাইছো যাতে সকলোৱে এক গোট হৈ কা ৰ বিৰুদ্ধে মাত মাতক।অসমত ইনাৰ লাইন পাৰমিট ব্যবস্থা কৰিব লাগে যাতে অসমীয়া সম্প্ৰদায় সুৰক্ষিত হয়। চৰকাৰে এই দাবী মানিবই লাগিব । কোনো প্ৰকাৰে নাগৰিকত্ব সংশোধনী আইন আমি নামানো ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰন সম্পাদক মুন তালুকদাৰে কয় অসমৰ জনসাধাৰনৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যিধৰনে নাগৰিকত্ব সংশোধনী আইন জাপি দিব বিচাৰিছে সেই কথা অসমৰ ৰাইজে কেতিয়াও নাপাহৰে । অকল ১ ,২ তাৰিখেহে প্ৰতিবাদ কৰিব এনে নহয় আমাৰ ছাত্ৰ সংগঠন সমুহে যেতিয়ালৈকে অসমীয়া মানুহৰ সমস্যাসমুহ সমাধান নহয় তেতিয়ালৈকে দীৰ্ঘ দিন ধৰি প্ৰতিবাদ অব্যাহত ৰাখিম । আমি সমুহ অসমবাসীক অনুৰোধ জনাইছো তেওঁলোকে বিজেপি চৰকাৰৰ দমনকাৰী নীতিক কেতিয়াও পাহৰি নাযায়।

"এই সময়ত ছাত্ৰ সংগঠনসমুহে কেৱল নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নহয় ; অসমৰ সম্পদৰ ওপৰত অসমীয়াৰ অধিকাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে । ছাত্ৰ সংগঠনসমুহে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে থিয় দিছে। কেন্দ্ৰই অসমৰ সম্পদসমূহ নিজৰ বুলি ভাবে কিন্ত অসমৰ সমস্যাসমুহক নিজৰ বুলি নাভাবে । আমি জনসাধাৰনক অনুৰোধ জনাইছো যাতে তেওঁলোকে অসমত উৎপাদন কৰা গামোছাহে ব্যবহাৰ কৰিব। তেওঁ লগতে আহ্বান জনায় শুৱালকুছিত অনুষ্ঠিত হ'ব লগা অসম সাহিত্য সভা অধিবেশনত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে ২০২১ ৰ নিৰ্বাচনত বি জে পিক উচিত উত্তৰ দিয়াৰ আহ্বান জনায় । অন্য এজন ছাত্ৰ নেতা ৰাহুল চেত্ৰীয়ে কয় আমি এইখন আইন গ্ৰহন নকৰো আৰু ৰাইজেও চৰকাৰে আৰম্ভ কৰা ৰাজনীতি ভালদৰে বুজি উঠিছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Representatives of Assam Sahitya Sabha stage Black Gag protest against CAA 2019

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com