নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে হোৱা প্ৰতিবাদত প্ৰমাণ হল অসমীয়াৰ যুঁজাৰু শক্তি : তৰুন গগৈ

নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে হোৱা প্ৰতিবাদত প্ৰমাণ হল অসমীয়াৰ যুঁজাৰু শক্তি : তৰুন গগৈ

গুৱাহাটী - মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এক সংবাদমেল সম্বোধন কৰি কয় যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা তীব্ৰ প্ৰতিবাদে প্ৰমাণ কৰিলে অসমীয়াৰ যুঁজাৰু শক্তিক ; সংবাদমেলত গগৈয়ে লগতে কয় যে অসমত পোন প্ৰথমবাৰৰ বাবে কা বিৰোধী আন্দোলন আৰম্ভ হৈছিল আৰু পিছত যি দেশৰ ভিন্ন প্ৰান্তত এই আন্দোলন বিয়পি পৰিছিল। সেয়ে এই কথা কব পাৰি যে অসমেই প্ৰথমে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদীআন্দোলনৰ নেতৃত্ব লৈছিল।প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে লগতে কয় যে অসমত নতুন বছৰ উদ্‌যাপন কৰাৰ কোনো উৎসাহৰ পৰিবেশ বৰ্তমান নাই । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত প্ৰতিবাদী সদস্যৰ ওপৰত সেনাৰ গুলীছালনাৰ ঘটনাৰ বাবে আৰু প্ৰতিবাদ কাৰীৰ ওপৰত যিধৰনৰ অত্যাচাৰ হৈছিল সেই বাবে ১১,১২ ডিচেম্বৰ অসমৰ ইতিহাসত কলা দিন হিচাপে চিহ্নিত হৈ থাকিব। অসমৰ জনসাধাৰনে বৰ্তমান সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰকৃত চৰিত্ৰ জানিব পাৰিলে যিজনক আৰম্ভনিতে অসমৰ জনসাধাৰনে বহুত সন্মানেৰে মুখ্যমন্ত্ৰীৰ আসনত বহুৱাইছিল কিন্তু বৰ্তমান জনসাধাৰনে তেওঁৰ প্ৰকৃত স্বৰূপ জানিব পাৰিলে ।প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে জনসাধাৰনে বুজি পাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ক্ষমতাৰ বাবে জাতি ,মাটি , ভেটিঁ সকলো বেচিব।তৰুণ গগৈয়ে লগতে মন্তব্য কৰে যে কংগ্ৰেছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা আন্দোলনৰ সমৰ্থন কৰিছে আৰু এই প্ৰতিবাদী আন্দোলনৰ নেতৃত্ব কোনো ৰাজনৈতিক দলে লোৱা নাই , আন্দোলনতৰ নেতৃত্ব লৈছে ৰাজ্যৰ ছাত্ৰ সমাজে। কিন্তু বিজেপি চৰকাৰে প্ৰতিবাদী আন্দোলনৰ বাবে কংগ্ৰেছ দলক হে দোষাৰোপ কৰিছে ইয়াত নিশ্চিতভাবে চৰকাৰৰ কোনো অভিসন্ধি লুকাই আছে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল চৰকাৰৰ দিনত কিমান সংখ্যক অবৈধ বাংলাদেশীক অসম চৰকাৰে বহিস্কাৰ কৰিলে সেই বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰশ্ন কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নাগৰিকত্ত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত সেনাৰ গুলীত নিহত হোৱা ৫ জন যুবকৰ ন্যায়ৰ দাবী কৰি প্ৰয়োজনত ন্যায়ৰ বাবে কংগ্ৰেছ দলে ন্যায়।লয়ৰ কাষ চাপিব বুলিও কয় ।

ৰাজ্যত আন এক ৰাজনৈতিক দল গঠন কৰা হব বুলি বিভিন্ন ক্ষেত্ৰত সৰৱ আলোচনাৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে কিছুমান ৰাজনৈতিক দল তথা মৰ্চা কংগ্ৰেছ দলৰ সৈতে আছে লগতে তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে যে কংগ্ৰেছ দলক বাহিৰত ৰাখি ৰাজ্যত এক নতুন ৰাজনৈতিক মঞ্চ গঠন হোৱাটো সম্ভৱ নহয়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com