Begin typing your search above and press return to search.
গহপুৰত দুগৰাকী যুৱতীক ধৰ্ষণৰ অপচেষ্টা দুৰ্বৃত্তৰঃ কথমপি ৰক্ষা
এই দৃশ্য প্ৰত্য়ক্ষ কৰা একাংশ লোকে খেদি যোৱাত দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰে।

ঘৰলৈ আহি থকা অৱস্থাত গহপুৰৰ দুগৰাকী যুৱতীক দুৰ্বৃত্তই এখন ভানত তুলি অপহৰণৰ অপচেষ্টা চলায় ৷ স্থানীয় লোকে অপহৰণকাৰীক খেদি যোৱাত যুৱতী দুগৰাকীক এৰি পলায়ন কৰে ৷ এই ঘটনা সংঘটিত হয় বুধবাৰে। যুৱতী দুগৰাকীয়ে পূজা চাই ঘৰলৈ ঘূৰি অহা অৱস্থাত এখন ভানত অহা ৮ জনীয়া এটা দলে বলপূৰ্বকভাবে দুয়োকে ভানখনত উঠোৱাৰ অপচেষ্টা কৰে। এই দৃশ্য প্ৰত্য়ক্ষ কৰা একাংশ লোকে খেদি যোৱাত দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰে। সূত্ৰই জনোৱা মতে, দুৰ্বৃত্তৰ দলটো অহা গাড়ীখনৰ নম্বৰ হৈছে AS 07AC 9326।
ইপিনে, আৰক্ষীয়ে দুৰ্বৃত্তৰ দলটোক চিনাক্ত কৰিছে। দলটোৰ সদস্য কেইজন হৈছেঃ এপল পেগু, মজিফুৰ কামান, মৃদুল পিটিকি, লিটেহ পেগু, নৱজ্যোতি পেগু, নন্দলাল দলে আৰু বিপুল কুটুম। অৱশ্যে আটাইকেইজন পলাতক অৱস্থাত আছে।
আৰু পঢ়িব পাৰেঃ উদণ্ড যুৱকৰ উদ্ভণ্ডালিঃ কৰ্তব্যৰত আৰক্ষী বিষয়াক আক্ৰমণ
Next Story