অসমীয়াক নিৰ্যাতন নকৰাৰ আহ্বান আলফা (স্বা:) সেনাপ্ৰধান পৰেশ বৰুৱাৰ

অসমীয়াক নিৰ্যাতন নকৰাৰ আহ্বান আলফা (স্বা:) সেনাপ্ৰধান পৰেশ বৰুৱাৰ
Published on

অসমীয়াক নিৰ্যাতন নকৰাৰ আহ্বান আলফা (স্বা) সেনাপ্ৰধান পৰেশ বৰুৱাৰ ।জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তৰাৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য। বিধেয়কৰ বিৰুদ্ধে ওলাই আহিছে ছাত্ৰ সমাজ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী সকল ওলাই আহিছে প্ৰতিবাদৰ বাবে । গুৱাহাটী মহানগৰীৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী ওলাই আহিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে। আজি মহানগৰীৰ ছাত্ৰ ছাত্ৰী সকলে দিছপুৰ অভিমুখে ৰাওনা হয় । এই সময়তে আৰক্ষী আৰু ছাত্ৰ ছাত্ৰীৰ মাজত সৃষ্টি হয় সংঘাতৰ। ইয়াৰ ফলত প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰী সকলৰ মাজত লাঠি চালনা কৰাৰ লগতে কন্দুৱা গেছো নিক্ষেপ কৰে আৰক্ষীয়ে।

এই ঘটনাৰ পিছতেই আলফা (স্বাধীন) ৰ পৰেশ বৰুৱাৰ আহ্বান অসম আৰক্ষীলৈ । প্ৰতিবাদকাৰীৰ ওপৰত কোনো ধৰণৰ নিৰ্যাতন নকৰিবলৈ বা প্ৰতিবাদ কাৰীক কোনো ধৰণৰ অত্যাচাৰ নকৰিবলৈ আহ্বান ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক ভাস্কৰ জ্যোতি মহন্তক । আলফা স্বাধীনৰ সেনা প্ৰধান পৰেশ বৰুৱাৰ সকীয়নি যে এই আহ্বান মানি নললে বহি নাথাকে আলফা (স্বাধীন)।

সংবাদ মাধ্যমৰ পৰা পোৱা তথ্য অনুসৰি আলফা (স্বা:) সেনা প্ৰধান গৰাকীয়ে টেলিফোন যোগে এই কথা জনায় ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Students boycott exams in Bongaigaon opposing Citizenship (Amendment) Bill

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com