Begin typing your search above and press return to search.

ৰাজ্যৰ প্ৰতিবাদ স্থলীত আৰক্ষী আৰু ছাত্ৰ ছাত্ৰীৰ মাজত সৃষ্টি হয় সংঘাতৰ

ৰাজ্যৰ প্ৰতিবাদ স্থলীত আৰক্ষী আৰু ছাত্ৰ ছাত্ৰীৰ মাজত সৃষ্টি হয় সংঘাতৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Dec 2019 9:19 AM GMT

ৰাজ্যৰ প্ৰতিবাদ স্থলীত আৰক্ষী আৰু ছাত্ৰ ছাত্ৰীৰ মাজত সৃষ্টি হয় সংঘাতৰ ।ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদ অব্যাহত আছে । প্ৰতিবাদত ওলাই আহিছে দল সংগঠনৰ লগতে ওলাই আহিছে বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। ডিব্ৰুগড়তো চলিছে বৃহৎ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ আজি ৰাজ্যসভাত উত্থাপন হোৱাৰ কেন্দ্ৰ কৰি সাব্যস্ত হৈছে এই প্ৰতিবাদী কাৰ্যসূচী। আজি ৰাজ্যসভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰে বিধেয়ক খন ।

ডিব্ৰুগড়ৰ পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ প্ৰশাসনে সহায় বিছাৰে ভাৰতীয় সেনাৰ । ডিব্ৰুগড়ত ভাৰতীয় সেনা মোতায়েন কৰা হৈছে। হৈছে। খবৰমতে, উজনিৰ চহৰখনত সেনাই ফ্লেগ মাৰ্চ কৰিছে। ।

গুৱাহাটীটো বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত হয়। গুৱাহাটীৰ হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথলৈ ওলাই আহে । সন্দিকৈ মহাবিদ্যালয়, কটন কলেজক , জি এম চি এইচকে ধৰি বহু কেইখন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ওলাই আহে। এই প্ৰতিবাদী সমদল বোৰে দিছপুৰ অভিমুখে ৰাওনা হয় ।

সংঘাতৰ মাজত আৰক্ষী আৰু ছাত্ৰ ছাত্ৰী সকলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় । আৰক্ষীয়ে লাঠি চালনা কৰাৰ লগতে কন্দুৱা গেছো নিক্ষেপ কৰে । উল্লেখযোগ্য যে এই লাঠিচালনাত বহু ছাত্ৰ ছাত্ৰী আঘাতপ্ৰাপ্ত হয়।

অন্য খবৰৰ বাবে পঢ়ক : জি এছ ৰোডত উত্তপ্ত পৰিস্থিতি, ছাত্ৰ ছাত্ৰীৰ ওপৰত লাঠিচালনা আৰক্ষীৰ

ভিডিঅ প্ৰতক্ষ্য কৰক : Students boycott exams in Bongaigaon opposing Citizenship (Amendment) Bill

Next Story
চাকৰি